💐কোনে কোনে পঢ়িছে জনাবচোন…..💐
💐💐💐গ্ৰন্থ যাত্ৰা/ গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐
💐💐💐আজিৰ অতিথি💐💐💐
✍সুকন্যা গাৰ্গী শইকীয়া
শেহতীয়াকৈ পঢ়া গ্ৰন্থ
গ্ৰন্থ : ‘ এটা দ্বীপ সাতটা কবৰ। ‘
লেখক : ৰঞ্জু হাজৰিকা।
প্ৰকাশক : বনলতা।
এটা নিৰ্জন দ্বীপত সাতজন মানুহ এখন জাহাজ দুৰ্ঘটনাত পতিত হৈ উপস্থিত হৈছিল আৰু তেওঁলোকে দ্বীপটোত জীয়াই থাকিবৰ বাবে কৰা অবৰ্ণনীয় সংগ্ৰামৰ কাহিনীৰে উপন্যাসখনৰ কাহিনীভাগ বৰ্ণিত হৈছে। এইখন এখন ভৌতিক উপন্যাস।
আটলাণ্টিক মহাসাগৰৰ বুকুৱেদি আটলাণ্টা নামৰ বৃহৎকায় জাহাজখন আগবাঢ়ি গৈছিল।জাহাজখনত অন্যান্য যাত্ৰীৰ লগতে আছিল ভাৰতৰ বিজয়নগৰৰ মহাৰাজা সূৰ্য্যসিংহ আৰু তেওঁৰ পুত্ৰদ্বয় ক্ৰমে জয়সিংহ আৰু দেৱসিংহ।আটলাণ্টা নামৰ জাহাজখনৰ মালিক আছিল কানাডাৰ জে. জি. কেম্পবেল।সাগৰৰ বুকুত নাচি- বাগি গতি কৰি থকা জাহাজখনে পথ ভুল কৰি প্ৰচণ্ড গতিৰে সাগৰৰ তলিৰ এটা শিলাময় পাহাৰত খুন্দা মৰাত মূৰ্হুতৰ ভিতৰতে প্ৰকাণ্ড জাহাজখন চূৰ্ণ-বিচূৰ্ণ হৈ যায়।জাহাজৰ কিছুসংখ্যক মানুহ লাইফ বটত উঠি নিজৰপ্ৰাণ বচালে আৰু বাকী অৰ্ধেক মৰিল। সাতজন মানুহ ক্ৰমে কেম্পবেল,ৱাৰ্ণ,লিং,ট্ৰেন,আৰমিছ, ফ্ৰাৰ্নি ,জ্যাক আৰু এটা শিশু ,বিজয়নগৰৰ মহাৰাজা সূৰ্য্যসিংহৰ কনিষ্ঠ পুত্ৰ দেৱসিংহই বহু দেৰি অচেতন হৈ থকাৰ পাছত সকলোৱে নিজে নিজক আৱিষ্কাৰ কৰিছিল এটা নিৰ্জন দ্বীপত।সাতজনৰ আটাইকেইজনে ইংৰাজী জানে গতিকে ভাৱৰ আদান- প্ৰদান কৰোতে অসুবিধা নহৈছিল,মাথোঁ অসুবিধা হৈছিল দেৱসিংহক লৈ হে,সি তেওঁলোকৰ ভাষা বুজা নাছিল।তথাপিও দলটোৰ সাতোজন সদস্যই তাক যথেষ্ট মৰম কৰিছিল আৰু খোৱা- বোৱাৰ সকলো যোগাৰ কৰিছিল।প্ৰথম কেইদিন দেৱসিংহই কান্দি কান্দি কটাইছিল যদিও পিছলৈ সিও বুজি উঠিছিল কান্দি লাভ নাই।দলটোৰ ভিতৰত তাক কেম্পবেলে আটাইতকৈ বেছি মৰম কৰিছিল আৰু তাক ডিক বুলি মাতিছিল। প্ৰথম কেইদিন সকলোৱে পৰিয়াল তথা আত্মীয়ৰ কথা ভাৱি চকু পানী তুকিছিল।দ্বীপটোত খাদ্য-বস্তুৰো অভাৱ আছিল, তেওঁলোকে কেঁকোৰা খায়ে বাছি আছিল।তাৰ পাছত প্ৰত্যেকেই ভাৱিলে যে কেঁকোৰা খাই নো তেওঁলোক কিমানদিন জীয়াই থাকিব,তেওঁলোকৰ মৃত্যু নিশ্চিত।গতিকে তেওঁলোকে নিজে নিজৰ কবৰ খন্দাত লাগি গ’ল, মাথো ফ্ৰাৰ্নিয়েহে নিজৰ কবৰ নিজে খন্দা নাছিল,বন্ধুবোৰে পিছত খান্দি থৈছিল। ফ্ৰাৰ্নিয়ে বিশ্বাস কৰিছিল সি নমৰে,সি মৃত্যুক জয় কৰিবই। দলটোৰ দুজনমান মৰিছিল তেতিয়ালৈকে,বাকী দলটো খাদ্যৰ সন্ধানত বেলেগ এডোখৰ ঠাইলৈ যাওঁতে ফ্ৰাৰ্নি এদিন গধূলি দ্বীপটোত হোৱা প্ৰচণ্ড ধুমুহাত দলটোৰ পৰা বিছিন্ন হৈ পৰিছিল।পিছদিনালৈকে ফ্ৰাৰ্নি উভতি নহাত সকলোৱে তাৰ মৃত্যু হ’ল বুলি ধৰি ল’লে ।ফ্ৰাৰ্নিয়ে আচলতে ভোকে- পিয়াহে থাকি তাৰ ৰাস্তা হেৰুৱাই অন্য দিশে গতি কৰিলে আৰু বাকী দলটো আগৰ ঠাইলৈ উভতি আহিলে। ৰাস্তাতে দলটোৰ এজনে বিষাক্ত ফল খাই মৃত্যুক সাৱতিলে। তেওঁৰ মৃত্যুদেহ আনি তেওঁ খান্দি থোৱা কবৰতে পুতিলে। ফ্ৰাৰ্নিয়ে ঘূৰি ফুৰোতে আৱিষ্কাৰ কৰিলে এখন হেলিপেড আৰু মূৰৰ ওপৰেৰে এখন হেলিকপ্টাৰ উৰা দেখি জীয়াই থকাৰ আশা অকণমান দেখিবলৈ পালে আৰু লগ পালে কিছুমান মানুহক।মানুহবোৰে ফ্ৰাৰ্নিক গাখীৰ আৰু ফল- মূল খাব দিলে আৰু এই দ্বীপটোত তেওঁৰ লগতে বাকী সাতজন সদস্য হেৰাই যোৱাৰ কাহিনীটো ক’লে। মানুহবোৰ ক’ৰ বুলি সোধাত ভাৰতৰ বুলি ক’লে । ফ্ৰাৰ্নিয়ে বিজয়নগৰৰ ৰজাক চিনি পাইনে বুলি সোধাত তেওঁলোকে জনালে যে তেওঁলোক সেই ৰজাৰে কর্মচাৰী আৰু এই দ্বীপটোততেওঁলোকে মুক্তা বিচাৰি আহিছে।এই দ্বীপত বহুত মুক্তা পোৱা যায় বাবে এই দ্বীপৰ নাম মুক্তা দ্বীপ।ফ্ৰাৰ্নিয়ে জনালে যে সেই ৰজাৰ সৰু পুত্ৰ তেওঁলোকৰ লগত আছে।লগে লগে ফ্ৰাৰ্নিৰ লগত কৰ্মচাৰী এজন গ’ল দেৱসিংহক বিচাৰি।তেতিয়ালৈকে দলটোৰ পাঁচজনৰে মৃত্যু ঘটিছিল।মাথো কেম্পবেল দেৱসিংহৰ সাৰথি হৈ আছিল।তেৱোঁ খাবলৈ নাপাই দুৰ্বল হৈ পৰাত মৃত্যু নিশ্চিত হৈ পৰিছিল।ফ্ৰাৰ্নি আৰু কৰ্মচাৰীজনে কেম্পবেল আৰু দেৱসিংহক বিচাৰি পালে।কিন্তু কেম্পবেল উভতি যাবলৈ অমান্তি হ’ল আৰু তেওঁ তাতে শেষ নিশ্বাস ত্যাগ কৰাত ফ্ৰাৰ্নিয়ে কবৰ দিবলৈ গ’ল আৰু কৰ্মচাৰী আৰু দেৱসিংহক হেলিপেডলৈ যাবলৈ ক’লে ,অলপ পিছতে ফ্ৰাৰ্নি তাত উপস্থিত হ’ব বুলি প্ৰতিশ্ৰুতি দিলে।কেম্পবেলৰ কবৰ দি ফ্ৰাৰ্নি হেলিপেডলৈ যাবলৈ লওঁতেই এটা ডাঙৰ জোকাৰণি হ’ল, আগ্নেয়গিৰি উৎগীৰণ হোৱাত লাভাই সৌদিশ সানি ধৰিছিল।ফ্ৰাৰ্নি যাবলৈ দৌৰিবলৈ লওঁতেই আকাশত হেলিকপ্টাৰ দুখন উৰি যোৱা দেখিবলৈ পালে,লাহে লাহে ফ্ৰাৰ্নি গৈ নিজৰ কবৰটোত শুই দিলে আৰু মূৰ্হুততে লাভা ভৰ্তি হৈ পৰিল কবৰটোত।
উপন্যাসখনত উল্লেখ কৰা মতে সেই দ্বীপটো তাত এতিয়াও আছে আৰু আছে সেই সাতটা কবৰ।কেতিয়াবা কোনোবা তালৈ গ’লে লাভাই সানি ধৰাত কবৰ কেইটা দেখা পোৱা নাযাব।কিন্তু ৱাৰ্ণ,লিং,ফ্ৰাৰ্নি,জ্যাকহতঁক এতিয়াও লগ পোৱা যাব।এতিয়াও তেওঁলোকে সাগৰৰ পাৰে পাৰে কেঁকোৰা বিচাৰি ফুৰে ,হেলিকপ্টাৰ দেখিলে হুমুনিয়াহ কাঢ়ে আৰু দ্বীপটোৰ পৰা অহা কথা সমূলি চিন্তা নকৰে।উপন্যাসৰ সামৰণি এই ভৌতিক ভাৱেৰেই হৈছে।
।।সমাপ্ত।।
✍ সুকন্যা গাৰ্গী শইকীয়া।💐💐
আমগুৰি,শিৱসাগৰ।
He is a website designer . done his b.tech from EIILM University.
Hi, this is a comment.
To get started with moderating, editing, and deleting comments, please visit the Comments screen in the dashboard.
Commenter avatars come from Gravatar.