
🌹🌹লেখিকা শ্ৰীমতী ইভা ৰাণী দাসে নিজকে প্রথমে কবি হিচাপে পৰিচয় দাঙি ধৰে ইউটিউব চেনেল ‘Kobita Production’-ৰ মাধ্যমেৰে।🌹🌹
‘নীল আকাশত সেউজীয়া সপোন’ তেখেতৰ প্ৰথম কাব্যগ্রন্থ।
২০১৮ চনত ‘বিদেশৰ মাটিত মোৰ অনুভূতি’ গ্ৰন্থখনৰে সাহিত্য জগতত আত্ম প্ৰকাশ কৰা শ্ৰীমতী দাসৰ জন্মস্থান গুৱাহাটী।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ কৰা ইভা ৰাণী দাসৰ স্বামী অসম গেছ কোম্পানীৰ বিষয়া পৰমানন্দ দাস।
পিতৃ স্বৰ্গীয় হৰিচন্দ্ৰ দাস আৰু মাতৃ শ্ৰীমতী তৰুলতা দাস।
শ্ৰীমতী দাস এগৰাকী প্ৰকৃতিপ্ৰেমী আৰু তেখেতৰ লেখাত সদায় ইতিবাচক দিশে প্রাধান্য পোৱা দেখা যায়।
‘ফাগুনৰ সৰাপাত’ শ্ৰীমতী ইভা ৰাণী দাসৰ প্ৰথম উপন্যাস।
তেখেতৰ পৰা ভৱিষ্যতে ন-ন লেখা পাম বুলি আমি আশাবাদী।
প্রকাশক ‘ফাগুনৰ সৰাপাত’

