💐💐💐💐সাহিত্য আৰু অনুষঙ্গ💐💐💐💐

অসমীয়া সাহিত্য জগতৰ এগৰাকী অসামান্য প্ৰতিনিধি হৰেকৃষ্ণ ডেকা কবি, গল্পকাৰ হিচাপে যিমানেই প্ৰসিদ্ধ সমানেই প্ৰতিষ্ঠিত এগৰাকী তীক্ষ্ণধী সাহিত্য সমালোচক হিচাপেও।

অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি তথা অসমীয়া সাহিত্য জগতৰ বিভিন্নজন বিশিষ্ট প্ৰতিনিধিৰ সাহিত্যকৰ্মৰ মূল্যায়নৰ জৰিয়তে ডেকাই অতুলনীয় অৱদান আগবঢ়াই আহিছে।

তেওঁ ‘সাহিত্য আৰু অনুষঙ্গ’ গ্ৰন্থখনো বিভিন্ন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ।

কবিতা আৰু সংস্কৃত কাব্যতত্ত্বৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা, কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা, সৌৰভ কুমাৰ চলিহাৰ গল্পত আধুনিকতাৰ স্বৰূপ সন্ধান, প্ৰখ্যাত কথাশিল্পী হোমেল বৰগোহাঞিৰ কবিতাৰ আলোচনা, ড০ হীৰেন গোহাঁইৰ সাহিত্য বিষয়ক আলোচনা আদিৰ দৰে সাহিত্য বিষয়ক প্ৰবন্ধৰ পৰা শিল্পকলা আৰুৰ অসমীয়া মন, জাতীয়তাবোধৰ দৰে বিষয়ৰ লেখাও তেওঁ এই গ্ৰন্থত সন্নিৱিষ্ট কৰিছে।

এই বিষয় বৈচিত্ৰ্য আৰু বিষয়সমূহৰ গভীৰতাই এই গ্ৰন্থক দিছে বিশেষ গুৰুত্ব।

হৰেকৃষ্ণ ডেকাৰ দৰে প্ৰাজ্ঞ পুৰোধাৰ প্ৰজ্ঞাৰ চমকনি প্ৰতিফলিত কৰা এই গ্ৰন্থখন অসমীয়া সাহিত্যৰ সকলো সচেতন অনুৰাগী পঢ়ুৱৈৰ বাবে এখন আপুৰুগীয়া গ্ৰন্থ হিচাপে নিসন্দেহে চিহ্নিত হ’ব।

সাহিত্য আৰু অনুষঙ্গ

হৰেকৃষ্ণ ডেকা

পূৰ্বায়ণ প্ৰকাশন

দাম ২৭০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *