💐পাশ্চাত্য সাহিত্যৰ বহুকেইগৰাকী বৰেণ্য সাহিত্যিকৰ মহৎ সৃষ্টিৰ দৃষ্টি-দৰ্শন সম্বন্ধীয় মননশীল এটি নিবন্ধ সংকলন— “পাশ্চাত্য সাহিত্য : দৃষ্টি আৰু সৃষ্টি”।💐

ড০ ধ্ৰুৱজ্যোতি দাসৰ এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ন প্ৰকাশনে।

ইয়াত সন্নিৱিষ্ট হৈছে আমেৰিকান কবি-দাৰ্শনিক ৰাল্ফ্ ৱাল্ডো এমাৰছনৰ পৰা তুৰ্কী সাহিত্যিক অ’ৰহান পামুকলৈকে, ইংৰাজ কবি জ’ন কীটছৰ পৰা ফৰাছী ঔপন্যাসিক পেট্ৰিক মোডিয়ানোলৈকে বিশ্ববিশ্ৰুত সাহিত্যিকসকলৰ অনন্য কৰ্মৰাজি আৰু জীৱন-দৰ্শন বিষয়ক মনোজ্ঞ আলোচনা।

সাহিত্যিকসকলৰ ৰচনা-সম্ভাৰৰ আধাৰত তেওঁলোকৰ জীৱনবোধ, মৃত্যুচেতনা আদিৰ দৰে গভীৰ দিশসমূহ লেখকে সূক্ষ্ম দৃষ্টিকোণেৰে অনুধাৱন কৰা পৰিলক্ষিত হৈছে।

তেনে কৰিবলৈ যাওঁতে লেখকে এই মহান স্ৰষ্টাসকলৰ মূল সৃষ্টিৰ চিন্তা-সূত্ৰৰ উদ্ঘাটন তথা চিত্তাকৰ্ষক টিপ্পনীৰে ৰসোত্তীৰ্ণ আৰু কৌতূহলী পাঠকক সময়-সাপেক্ষ পাশ্চাত্য সাহিত্য জ্ঞানৰ সম্ভেদ দিবলৈ সক্ষম হৈছে।

এই প্ৰয়াসে গ্ৰন্থখনক এক বৌদ্ধিক গুৰুত্ব প্ৰদান কৰিছে।

ক’ব পাৰি যে, গ্ৰন্থখনে পাশ্চাত্য সাহিত্য চৰ্চাকাৰী অনুসন্ধিৎসু পাঠকৰ লগতে সাহিত্যৰ ছাত্ৰ-গৱেষকসকলক বিশেষভাৱে উপকৃত কৰিব।

পাশ্চাত্য সাহিত্য: দৃষ্টি আৰু সৃষ্টি

ড০ ধ্ৰুৱজ্যোতি দাস

পূৰ্বায়ণ প্ৰকাশন

দাম ১৯০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *