
💐”জৰুৰী নহয় কাৰ দুখত কবিতা লিখিম…
কাৰ ভোকত লিখিম……
কাৰ শোকত লিখিম……
কিমান লাজ, কিমান ভয়, কিমান ঘৃণাত লিখিম..
এয়া লিখাটো জৰুৰী নহয়
প্ৰেমৰ নামত কলিজাত কবিতাৰ গাজ এটা গজক”
💐মনোজ নেওগৰ “হিতাধিকাৰীৰ পো” সম্পৰ্কত অৰিন্দম বৰকটকটকীৰ অভিমত—💐
“… মনোজ নেওগৰ ভাল কবিতাকেইটা যেন ক্ষোভ, ব্যংগ, যন্ত্ৰণা, প্ৰতিবাদ আৰু আত্মসমালোচনাৰ ধাৰাল একো একোটা অগ্নিশিখা। তেওঁৰ কবিতা আমি বাস কৰা এই জটিল সময়ৰ সমাজখনৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বাস্তৱৰ প্ৰত্যক্ষ বচন। শাণিত ব্যংগ আৰু ৰাজনৈতিক চেতনাৰে এইজন কবিয়ে এই বাস্তৱক দায়বদ্ধ, মননশীল আৰু চেতনা সঞ্চাৰী কাব্যভাষাৰ মৰ্যাদা দিবলৈ সক্ষম হৈছে। “
“তই খাবৰ দৰে জন্ম ল’লি অ’ হিতাধিকাৰীৰ পো
জন্ম হৈ মাৰৰ দুদু খালি
তাঁতৰ তলত চুঁচৰি মাটিৰ লদা খুঁচৰি খালি
ভাত নোহোৱা দিনত খোজনীয়া চাউলে খুন্দা পিঠাগুড়িত
ভীমকল ফেনেকি দিয়া খালি
ভাতৰ নামত প্ৰথমে খালি আধাপোৱা গাখীৰৰ পায়স
আৰু যে এদিন খাওঁ খাওঁ বুলি চিঞৰি থাকোঁতে কৈছিলোঁ
খাবলৈ নাই যদি বাপেৰ মাৰৰ মূৰ দুটাকে খা”
কবিতাৰ ব্যতিক্ৰমী তথা অগতানুগতিক বিষয়বস্তু সম্বন্ধে ৰাজীৱ বৰাই কৈছে—
“পৰিচিত অথচ কবিতাত সততে অনাদৃত বিষয় একোটাক সুৱাগুৰি তুলি আনি ভাবগভীৰ আৱেদন সৃষ্টিত কবিয়ে পাৰদৰ্শিতা দেখুৱাইছে। ৰাজনৈতিক আৰু সামাজিক কটাক্ষক সৰল-সহজ ভাষাত তুলি ধৰা মনোজৰ কবিতাই আমাৰ নিৰাৱেগ চেতনাক চাবুকৰ দৰে কোবায় “
💐হিতাধিকাৰীৰ পো💐
মনোজ নেওগ
পূৰ্বায়ণ প্ৰকাশন
দাম ১৪০ টকা

