💐লাইফ অৱ এ ড্ৰাইভাৰ: এক নতুন সোৱাদ💐

✍️প্ৰণামী গোস্বামী।

২০২০ চনৰ ডিচেম্বৰ মাহৰ ২৮তাৰিখ।

বিদ্যালয়ৰ ষ্টাফ্ ৰুমৰ পৰা মোৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামী দাদালৈ (পাকুল দা) ফোন লগালোঁ। বহ দিন তেখেতৰ খবৰ লোৱা হোৱা নাই। কোনো বিশেষ কথা নোহোৱাকৈ তেখেতলৈ ফোন কৰিবলৈ ভয় লাগে।

গোলাঘাটৰ যদুমণি ছপাখানা পৰিয়ালৰ এজন বিশিষ্ট ব্যক্তি, গ্ৰন্থ প্ৰকাশক, লেখক ,পৰাগ প্ৰতীম গ্ৰন্থ যাত্ৰাৰ প্ৰতিষ্ঠাপক পাকুলদাক চিনি নোপোৱা মানুহ হয়তো নোলাব।

লক্ ডাউনৰ সময়ৰ পৰা তেখেতৰ স’তে দেখা সাক্ষাৎ হোৱা নাই। ফোনত দুবাৰমান কথা হৈছিল। ইয়াৰ মাজতে এদিন ‘ধনশিৰিৰ পাৰে পাৰে’ নামৰ কিতাপখন পঠিয়াই দিছিল। এই বিষয়ে বেলেগ এদিন ক’ম।

ফোনটো অলপ সময় ৰিং হোৱাৰ পিছত দাদাই ধৰিলে—-“হেল্ল’।” “দাদা নমস্কাৰ।প্ৰণামীয়ে কৈছোঁ। আজি পিছে কেৱল আপোনাৰ খবৰ ল’বলৈকে ফোন কৰিলো।” “ভাল কৰিলা।

ঘৰৰ আটাইটিৰে মংগলনে?

তোমালৈ মোৰ মনত পৰি আছিল। কিয় জানা? মই ঘিউ,মৌ আনিলে অলপ ৰ’ব পাৰো পিছে অমৃত আনিলে ৰ’ব নোৱাৰো নহয়। “Life of a Driver” কিতাপখন আনিছো। তোমালৈ একপি দি পঠিয়াওঁ।

সাক্ষাৎকাৰটোৰ কথা গম পাইছা চাগে।” মই মোৰ অজ্ঞতা প্ৰকাশ কৰিলো। কিতাপখনৰ কথা মই একো নাজানো। দাদাই পঠিয়াব খুজিছে যেতিয়া কিতাপখন ভাল হ’বই। মই দুকপি পঠিয়াবলৈ ক’লো। কথাটো মোৰ স্বামীক জনোৱাত তেওঁ প্ৰণয় বৰদলৈদেৱে লোৱা সাক্ষাৎকাৰটোৰ কথা ক’লে।

বেছি সময় বাট চাব লগা নহ’ল। অলপ সময়ৰ ভিতৰতে কিতাপখন আহি মোৰ হাতত পৰিল।—-“লাইফ অৱ ড্ৰাইভাৰ কেবিনৰ সিপাৰে।” নতুন কিতাপখনৰ গোন্ধটোৰ স’তে কিতাপখনৰ বেটুপাতৰ ছবিখনে মূহুৰ্ততে মোক অস্থিৰ কৰি তুলিলে। পিছফালে লুটিয়াই চালো—একেই কথা। এখন চিনাকি চিনাকি লগা মুখ। ক’ত দেখিছোঁ, ক’ত লগ পাইছোঁ! কিতাপখন পঢ়া আৰম্ভ কৰিলোঁ।

শ্ৰী যুত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী দেৱে উপন্যাসখন সম্পৰ্কে লিখা কথাখিনিতে উপন্যাসখনে কি ক’ব এটা আভাস পালো।

পৃষ্ঠা লুটিয়াই পঢ়ি গ’লো। ‘উচৰ্গা’ পঢ়ি আপ্লুত হ’লো। পুনৰ পঢ়িলো। লিখাৰ ষ্টাইলটোৱে মন চুই গ’ল। পিতৃৰ প্ৰতি পুত্ৰৰ শ্ৰদ্ধা, মৰমে মন উপচাই পেলালে। ক্লাছ থকা সময়খিনি ক্লাছ কৰি বাকী সময়খিনি কিতাপখন পঢ়ি গ’লো। ভাল লাগিল। সাৱলীলভাৱে লিখা কথাবোৰ মনোৰম। খৰতকীয়াকৈ কিতাপ পঢ়াৰ অভ্যাসটো জোকাৰি লাহে লাহে পঢ়িছো।

মাজে মাজে কিতাপখন জপাই থৈছোঁ, অনুভৱ কৰিছো,পুনৰ পঢ়িছো। হাঁহিছো,কান্দিছো। আনকো তাৰ সোৱাদ দিছো। (যাৰ ফলত আমাৰ বিদ্যালয়লৈ ১৫ টা কপি আনিব লগা হ’ল।) কিতাপখনে এক অনন্য সোৱাদ দিবলৈ ধৰিলে। মানুহ কিতাপ পঢ়াৰ প্ৰেমত পৰিল। কিতাপ পঢ়াৰ নিচাটো যেন সাৰ পাই উঠিল।

২৬ নং পৃষ্ঠাটো পঢ়ি এবাৰ ৰ’লো, পূনৰ পঢ়িলো—–” ইটানগৰ লাইনৰ বাছবোৰে আবেলি চাৰি বজাতেই তিনিচুকীয়া এৰে। মই তিনিমান বজাতেই আহি ASTC পালোঁহি। কিছু সময়ৰ পাছতেই জাগুনৰ পৰা বৰাদা আহি পালেহি।….” কিতাপখন জপাই বেটুপাতৰ ছবিখন পুনৰ চালো। চিনাকি চিনাকি লগা সেই মানুহজনৰ মুখখন মই এটা সম‌য়ত জাগুনৰ পৰা ইটানগৰলৈ যোৱা নৈশ বাছৰ পাইলটজনত বিচাৰি পালো। দেৰগাঁৱত ৰাতি বাছৰ পৰা নামোতে পাইলটজনক ধন্যবাদ দিওঁতে হয়তো বহুবাৰ তেখেতৰ মুখখন দেখিছোঁ।(তেতিয়া আমি বৰগোলাইত আছিলোঁ) কথাটো বুজি পোৱাত কিতাপখনৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ থাকিল।

মোৰ গাড়ী ৪০ৰ স্পীদতকৈ বঢ়া নাই। পঢ়ি গৈ আছো। জাগুন, তিনিচুকীয়া,ডিব্ৰুগড়,মৰাণ, দেৰগাঁও, বোকাখাট, জখলাবন্ধা,বান্দৰদেৱা শব্দবোৰে মনত ব্ৰেক মাৰে। ৰৈ যাওঁ। এইবোৰ মোৰ ভাল লগা ঠাই। পঢ়ি গৈ আছো। পুনৰ ৩০ নং পৃষ্ঠাত থমকি ৰ’লো। বাৰে বাৰে পঢ়িলো—“…..গাড়ী চলোৱাটো তেনেই সহজ।… কিন্তু পাকৈত ড্ৰাইভাৰ
ইমান সহজে তৈয়াৰ নহয়। ইয়াৰ বাবে লাগিব প্ৰচুৰ সাধনা আৰু অভিজ্ঞতা।

…….মাজনিশা যেতিয়া মই বাছ চলাই থাকোঁ, ভিতৰত থকা সকলো যাত্ৰী সপোনৰ ৰাজ্যত উটি ফুৰে।…..অকল মোৰ দুটি নয়ন সজাগ হৈ থাকে। বুকুখন ফুলি উঠে, ইমানবোৰ মানুহ, ইমানবোৰ জীৱনৰ সকলো দায়িত্ব অকল মোৰ ওপৰত। বেছি সজাগ হৈ পৰোঁ। যিমান পাৰোঁ কোমলকৈ চলাবলৈ বিচাৰোঁ, মিহিকৈ ব্ৰেক মাৰোঁ, মৰমত গীয়েৰ লগাওঁ, যাতে যাত্ৰীবোৰৰ টোপনিত ব্যাঘাত নজন্মে।…..”।

ইমান অনুভৱী মানুহজন। লগ পাবলৈ মন গ’ল। যাত্ৰীসকলৰ নিৰাপত্তা, গাড়ীখনৰ প্ৰতি থকা মৰম, নিজৰ কামটোৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আত্মসন্মানবোধ ইত্যাদি ইত্যাদি বোৰে মোক আৱৰি পেলালে। কিতাপখনৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈ থাকিল। কিতাপ পঢ়াৰ ধাউতি, দায়িত্ববোধ, জীৱনৰ প্ৰতি থকা সুকীয়া দৃষ্টিভংগী,
সততাই মোক মুহিবলৈ ধৰিলে। কথাৰ মাজে- মাজে থকা আমাৰ সম‌য়ৰ গীতবোৰে নষ্টালজিক কৰিলে। পুনৰ ৬০নং পৃষ্ঠাত থকা কথাখিনি পঢ়ি তেখেতৰ প্ৰতি শ্ৰদ্ধাত মোৰ শিৰ নত হ’ল। সঁচাই
সকলোৰে ৰূপদা “হিৰো”।

বিভিন্ন ঘটনাই আমোদ দিলে, লিচাৰ কাহিনীয়ে কন্দোৱালে, বিশ্বাস কি শিকালে। ডকাইতৰ কাহিনীয়ে কি যে এক বুজাব নোৱাৰা শিহৰণ দিলে। ডকাইতৰ দাৰ ঘাপ,ঘোঁচাবোৰে যেন মোৰ শৰীৰত, মনত আঘাত কৰিলে। এক নতুন সোৱাদৰ উপন্যাসখনে বহু কিবা কিবি ক’লে। মোৰ অনুৰোধ আপুনি পঢ়ি চাওক, অনুভৱ কৰক, প্ৰেমত পৰক।

পঢ়ুৱৈ সমাজত আলোড়ন তোলা কিতাপখনৰ লেখক ৰূপম দত্তৰ লগত কথা পাতি উপন্যাসৰ ৰূপদাৰ সহজ-সৰল, অনুভৱী মনটোৰ সোৱাদ পালো।

ৰূপম দত্তৰ কলমে গতি পাওঁক, খ্যাতিয়ে আকাশ চুওঁক।

নতুন সোৱাদৰ নতুন সৃষ্টিলৈ বাট চাই ৰ’লো।

Leave a Reply

Your email address will not be published. Required fields are marked *