
💐💐💐💐💐লোক কল্পদৃষ্টি💐💐💐💐💐
লোকশিল্প আৰু আধুনিক চিত্ৰকলাৰ এগৰাকী ৰসজ্ঞ আৰু বিশিষ্ট সমালোচক হিচাপেও সুপৰিচিত প্ৰখ্যাত কবি নীলমণি ফুকন।
অসমৰ লোকশিল্পকলাৰ চৰ্চা আৰু গৱেষণাৰ ক্ষেত্ৰত কবি ফুকনে উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে।
ফুকনৰ অসমৰ লোকশিল্পকলা সম্পৰ্কীয় গভীৰ অধ্যয়নৰ ফলশ্ৰুতি হৈছে ‘ লোক কল্পদৃষ্টি ‘ নামৰ মূল্যৱান গ্ৰন্থখন।
অসমৰ চৌদিশে সিঁচৰতি হৈ থকা লোকসম্পদৰ চানেকি সংগ্ৰহ কৰি সেই সম্পদ সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়োৱা হৈছে এই গ্ৰন্থখনত।
গ্ৰন্থখনত লোকসম্পদৰ আপুৰুগীয়া আালোকচিত্ৰও সন্নৱিষ্ট কৰা হৈছে।
১৯৮৭ চনত প্ৰথম ছপা কৰা গ্ৰন্থখনৰ শেহতীয়া সংস্কণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।
গ্ৰন্থখনৰ মূল্য মাত্ৰ ৩৫০ টকা।

