
দ্বিতীয়টো সংস্কৰণ প্ৰকাশ পালে,-‘জেৰেঙাৰ উচুপনিঃ
হত্যাকাৰীৰ সন্ধানত’ শীৰ্ষক উপন্যাস গ্ৰন্থখন।
বুৰঞ্জীসিদ্ধ বহুকেইটা তথ্য সন্নিৱিষ্টৰে গ্ৰন্থখনত উল্লেখ কৰিছোঁ যে, জয়মতী কুৱঁৰীক কেৱল চাউদাং, ল’ৰা ৰজা, লালুকসোলা আদি মিলিয়েই হত্যা কৰা নাছিল, হত্যাৰ ষড়যন্ত্ৰৰ প্ৰধান ষড়যন্ত্ৰকাৰীজন আছিল দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ।
‘ল’ৰা ৰজা থকা মানে ময়েই ৰজাৰ দৰে আছোঁ, ল’ৰা ৰজাক ৰজা নেভাঙিবা’ বুলি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে কিয় কাকূতি-মিনতি কৰিছিল, সেই কথাও আছে উপন্যাসখনত।
এই কথাবোৰ লুকুৱাই ৰাখি মাথোঁ কোৱা হয়, ল’ৰা ৰজাৰ অত্যাচাৰতেই জয়মতীৰ মৃত্যু হ’ল।
ল’ৰা ৰজাক আখ্যা দিয়া হ’ল,-‘অত্যাচাৰী ল’ৰা ৰজা’। কিন্তু ল’ৰা ৰজাৰ অত্যাচাৰৰ তালিকাখন কিমান দীঘল,নে এয়েই একমাত্ৰ তাৰ বিচাৰ কিন্তু কোনেও নকৰিলে।
এনেবোৰ প্ৰশ্নৰো উত্থাপিত হৈছে উপন্যাসখনত।
বিশিষ্ট লেখক,আভিধানিক ডঃ দেৱব্ৰত শৰ্মাই দৈনিক অগ্ৰদূত কাকতৰ দুটা সংখ্যাত গ্ৰন্থখনৰ সম্পৰ্কত যি বিশ্লেষণধৰ্মী সমালোচনা লিখি প্ৰকাশ কৰিলে, সেই লেখাকো সন্নিৱিষ্ট কৰা হৈছে গ্ৰন্থখনত।
✍️ শৰৎ চন্দ্ৰ নেওগ।🌹

