💐💐💐ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ💐💐💐

লেখিকা : ড০ চন্দনা শৰ্মা

প্ৰথম প্ৰকাশ : ২০২১

প্ৰকাশন: পৰিবেশ নিৰীক্ষণ আৰু পৰিচালনা সংস্থা

মূল্য: ২৫০.০০ টকা

ISBN : 9788192305233

💐ড০ চন্দনা শৰ্মাৰ সদ্য প্ৰকাশিত পাঁচখন দেশৰ ভ্ৰমণৰ অভিজ্ঞতাপুষ্ট এখন মনপৰশা গ্ৰন্থ— ‘ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ’।💐

১৮৪ পৃষ্ঠাজোৰা গ্ৰন্থখনত ইউৰোপ মহাদেশৰ পেৰিচ, জেনেভা, গ্লেচিয়াৰ-3000, জংফ্ৰোজোচ, লুচাৰ্ণ চহৰ, অষ্ট্ৰিয়াৰ ৱাটেনছ, ইন্সব্ৰুক ভিয়েনা, লিখটেনষ্টেইনৰ ভাদুজ, ইটালিৰ ভেনিচ, পিছা, ফ্লোৰেনচ, ৰোম মহানগৰী, ৰোমৰ ট্ৰেভি ফাউন্টেইন , ভটিকান চিটিৰ ছেইন্ট পিটাৰ বেচিলিকা আৰু চিষ্টাইন চেপেল আদি পৰ্যটকৰ আকৰ্ষণ স্থলীসমূহৰ প্ৰতিচ্ছবি বিতংভাৱে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

সেইদৰে থাইলেন্ডৰ পাতায়া চহৰ, পাতায়া বীচ্চ, ছাফাৰি ৱৰ্ল্ড মেৰাইন পাৰ্ক, ফ্ল’টিং মাৰ্কেট আদি ঠাইসমূহৰ প্ৰতিচ্ছবি তুলি ধৰা হৈছে।

আকৰ্ষণীয় বেটুপাত, পৰ্যটন থলীসমূহৰ স্থিৰচিত্ৰৰ লগতে নিভাঁজ শব্দশৈলী আৰু সৰল বৰ্ণনাৰে গ্ৰন্থখন লেখিকাই অধিক সুখপাঠ্য কৰি তুলিছে বুলি ভবাৰ যথেষ্ট অৱকাশ আছে।

💐আমি আশাবাদী।

ড০ চন্দনা শৰ্মাৰ উক্ত গ্ৰন্থখনে পাঠক-পাঠিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বৰ্ধনত যথেষ্ট অৰিহণা আগবঢ়াব।💐

Leave a Reply

Your email address will not be published. Required fields are marked *