💐দধীচি ডিম্পলৰ কাব্যপুথি ‘এফ আই আৰ’ প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।💐

২৯ টা মন পৰশা কবিতাৰ এই সংকলনটিত সন্নিৱিষ্ট বেছি সংখ্যক কবিতাৰে ভাব আৰু ভাষাত প্ৰতিবাদ আৰু বিদ্ৰোহৰ সুৰ স্পষ্ট।

মুখাধাৰী ভদ্ৰ সমাজখনক লৈ কবি ৰুষ্ট, নিজ মাতৃভূমিৰ সংকটক লৈও শংকিত; হত্যা, হিংসা,জাতি-ভেদ, লিংগ বৈষম্য, অমানৱীয়তাৰ প্ৰতি প্ৰচণ্ড ক্ষোভ আৰু ঘৃণা উজাৰিও তেওঁ ক’বলৈ পাহৰা নাই প্ৰেমৰ কথা—

“কৃৃষ্ণবৰ্ণা তাই, বিষাদ কুঁৱৰী
জিন্দা য়া মুৰ্দা
হৃদয়ৰ হেণ্ডকাফ পিন্ধি
এয়া ফাঁচিকাঠলৈ গৈ আছোঁ
অপৰাধটো কৰাৰ অনুশোচনাত
অলপ হ’লেও কঁপি উঠিছোঁ।

হয় মইতো অক্ষমণীয় অপৰাধ কৰিলোঁ
এই অপৰাধ এই অপৰাধ
আন একো নহয়
“প্ৰেম”। “

কবিতাসমূহৰ ভাষা খুব তীক্ষ্ণ ; অথচ কবিতাৰ স্বাভাৱিক কোমলতাক আঘাত কৰা নাই।

দেখা গৈছে, যুদ্ধ আৰু সংগ্ৰামৰ কথা ক’বলৈ যাওঁতেও ‘হৃদয়’ক উপেক্ষা কৰা হোৱা নাই, চিৰন্তন মানৱীয় অনুভূতিক অৱজ্ঞা কৰা হোৱা নাই।

তথাপি কবিতাসমূহত অন্তৰ্নিহিত ভাবৰাশিৰ চোকটোও ম্লান হৈ যোৱা নাই —

“এখন এখনকৈ যুদ্ধৰ খচৰা
তাৰ পৰৱৰ্তী পৰ্যায়ত যুদ্ধবোৰৰ
একোখন সংবিধানৰ প্ৰস্তুতি চলিছিল
হৃদয়ত।

যুদ্ধবোৰৰ সংখ্যা বঢ়াৰ সমানে অসুখো বাঢ়িছিল
অসুখত উত্তাপ বাঢ়িছিল
বুকুৰ ভিতৰত।

অন্তৰত কেৱল যুদ্ধ
কেৱল যুদ্ধ! “

অগতানুগতিক বিষয়, প্ৰকাশভংগী আৰু উপস্থাপনেৰে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পৰা ‘এফ আই আৰ’ৰ কবিতাসমূহত পাঠকে নিশ্চিতভাৱেব্যতিক্ৰমী সোৱাদ বিচাৰি পাব।

এফ আই আৰ

দধীচি ডিম্পল

পূৰ্বায়ণ প্ৰকাশন

দাম ১৪০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *