💐💐💐💐💐মণিৰাম দেৱান💐💐💐💐💐

প্ৰায় পাহৰণিৰ গৰ্ভলৈ গুচি যোৱা মণিৰাম দেৱানৰ বহু কাৰ্যকলাপ নতুনকৈ উদ্ধাৰ কৰি বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই প্ৰস্তুত কৰিছিল ‘ মণিৰাম দেৱান’ গ্ৰন্থখন।

এই গ্ৰন্থখনক মণিৰাম দেৱানৰ জীৱনী হিচাপে প্ৰতিষ্ঠা কৰা হৈছে যদিও ইয়াত সেই সময়ৰ ৰাজনৈতিক অৱস্থা,সমাজৰ ৰেহ-ৰূপ আৰু মানুহৰ মনোবৃত্তিৰো উমান পোৱা যায়।

এই ইতিহাস গ্ৰন্থখনত দেৱানৰ ব্যক্তিত্বৰ স্বৰূপ, উপৰি-পুৰুষৰ ইতিবৃত্ত,জন্ম আৰু ল’ৰাকাল ,মান-খেদোৱা অভিযান,পুৰন্দৰ সিংহৰ আমোলত বৰভাণ্ডাৰ বৰুৱা বা মন্ত্ৰীপদ,আসাম কোম্পানী, বৃটিছৰ শাসন পদ্ধতি আদি কৰি বহু দিশ সামৰা হৈছে ।

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য ২৩০ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *