
এনাজৰী, বৰপেটাৰ ‘দৌলযাত্ৰা’ শীৰ্ষক পুস্তিকা উন্মোচন
এনাজৰী, বৰপেটাৰ দশম প্ৰকাশ ‘দৌলযাত্ৰা’ শীৰ্ষক পুস্তিকাখনি ২৪ মাৰ্চত দৌল উৎসৱৰ গন্ধোৎসৱৰ পুৱা বৰপেটা সত্ৰৰ কৰাপাটৰ সম্মুখত বৰপেটা সত্ৰৰ পূজ্যপাদ ডেকা সত্ৰীয়া শ্ৰীযুত গৌতম পাঠকে অসমৰ প্ৰতিষ্ঠিত কন্ঠশিল্পী কৃষ্ণমণি চুতীয়া, অভিশ্ৰুতি বেজবৰুৱা আৰু অভিনেত্ৰী পাপৰি বৰা প্ৰমুখ্যে শতাধিক ভকত বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত উন্মোচন কৰে।
এই উন্মোচনী অনুষ্ঠানটোত উন্মোচনী ভাষণত সত্ৰীয়াজনাই আশীৰ্বাদসূচক বক্তব্য ৰখাৰ লগতে উদ্বোধক পাঠকে এনে ধৰণৰ কিতাপে বৰপেটা সত্ৰৰ লগতে অসমত প্ৰচলিত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাৰ বিষয়ে কিছু কথা জনাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি মত পোষণ কৰে।
ৰাইজিং ক্লাবৰ ‘বাটে বাটে হোলীগীত’ অনুষ্ঠানটোৰ আৰম্ভণিতে উন্মোচন কৰা এনাজৰী, বৰপেটাৰ এইবাৰৰ পুস্তিকাখনিত আৱাহন আলোচনীত নটা দশকৰ পূৰ্বে প্ৰকাশিত কমলাকান্ত দত্তবৰুৱাৰ ‘দৌলযাত্ৰা’ নামৰ নিবন্ধটো পুনঃপ্ৰকাশৰ উপৰিও নিবন্ধকাৰ শুভজ্যোতি দাস, লোক-সংগীতৰ হোলীগীতৰ সাধক নকুল দাস, কবি ধ্ৰুৱকুমাৰ তালুকদাৰ আৰু কবি মনহৰি বায়নৰ একোটিকৈ প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে। এইবাৰৰ পুস্তিকাখনিত বৰপেটাৰ একালৰ খ্যাতনামা সাংবাদিক প্ৰয়াত গণেশ দাসৰ কেমেৰাত বন্দী ৩৫ বছৰ আগৰ দৌল উৎসৱৰ সুৱেৰীৰ এখনি আলোকচিত্ৰও বিশেষভাৱে সংলগ্ন কৰা হৈছে।
উল্লেখ্য যে এনাজৰী, বৰপেটাই বিগত নটা বছৰতো দৌল যাত্ৰাৰ সময়ত এনেদৰে একোখনকৈ দৌল উৎসৱকেন্দ্ৰিক পুস্তিকা প্ৰকাশ তথা বিনামূলীয়াকৈ বিতৰণৰ বাবে লোৱা আদৰণীয় পদক্ষেপক বৰপেটাৰ সচেতন মহলে শলাগ লৈছে।

