
💐যাদৱ হাজৰিকাৰ ‘কল্যাণ খৰমান’ উপন্যাস💐
পদ্মশ্ৰী ডঃ সূৰ্য হাজৰিকা দেৱৰ অভিমত।
‘এই উপন্যাসখন যাদৱ হাজৰিকাৰ যদিও প্ৰথম উপন্যাস, তথাপিও পঢ়িলে এনে লাগে যেন পাকৈত হাতৰ সংস্পৰ্শত মাটিৰ প্ৰতিমা সদৃশ মানুহৰ জীৱনৰ সঁচা ছবি এখন প্ৰাণময় ৰূপত ধৰা দিছে ।
ক’বলৈ গ’লে শৈশৱ কালৰে পৰা সত্ৰ আৰু সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশত ডাঙৰ-দীঘল হৈ যাদৱ হাজৰিকা এই ক্ষেত্ৰত পৰিপক্ক হৈ উঠিছে ।
উদাসীন কেৱলীয়া ভকত সদৃশ মণিৰাম বৰবায়নৰ লেখীয়া বৈষ্ণৱপ্ৰাণ ভক্ত সকলৰ জীৱন সংগ্ৰাম, জীৱন চৰ্যা নিখুঁত ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে ।
সত্ৰৰ ভকতসকলৰ জীৱন গাঁথাক মূল প্ৰতিপাদ্য বিষয় হিচাপে লৈ যাদৱ হাজৰিকাই যি উপন্যাস ৰূপ দি পাঠকলৈ আগঢ়াব খুজিছে সেয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য ।
‘কল্যাণ খৰমান’ক পাঠক সমাজে আগ্ৰহেৰে আদৰি ল’ব বুলি আমি বিশ্বাস কৰোঁ।”

