💐বাহাৰুল ইছলাম হৈছে অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ , মঞ্চ অভিনেতা আৰু নাট পৰিচালক তথা লেখক।💐

বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে।

চিগাল থিয়েটাৰ গোটৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ সৈতে বাহাৰুল ইছলাম জন্মলগ্নৰে পৰা ওতপ্ৰোতভাৱে জড়িত হৈ আছে , চিগাল থিয়েটাৰৰ বাবে তেখেতে ৩০খন বেছি নাটক ৰচনা কৰিছে।

তেখেতে বহুকেইখন নাটকৰ লগতে অনান্য কেইখনমান গ্ৰন্থও লিখি উলিয়াইছে।

তেখেতে পৰিচালনা কৰা নাটকসমূহত প্ৰায়ে নিজেই সংগীত পৰিচালনা কৰে।

প্ৰকাশিত কিতাপ সমূহৰ নাম।

একান্ত মনেৰে

সীমাৰ সীপাৰে

বিয়ণ্ড দা অব্‌ভিয়াছ

খিৰিকী খুলিয়েই

কিছু কথা কিছু নাটক (২০১২)

💐💐তেখেতে লাভ কৰা সন্মানৰ বিষয়ে পঢ়োঁ আহক……

বাদল চৰকাৰ ৰং ৰতন বঁটা, বিহাৰ চৰকাৰ, ২০১৫

(অসমীয়া থিয়েটাৰত নিজৰ অভিনৱ মৌলিক কৰ্মৰে ভাৰতীয় থিয়েটাৰ জগতলৈ যোগোৱা অৱদানৰ বাবে। )

Leave a Reply

Your email address will not be published. Required fields are marked *