কিতাপৰ নামঃ মহানগৰ এপাৰ্টমেন্ট

লেখকঃ সন্তোষ কুমাৰ কৰ্মকাৰ

প্ৰকাশকঃ পূৰ্বাঞ্চল প্ৰকাশ,গুৱাহাটী-৭৮১০০৬

মূল্যঃ ২৮০ টকা।

বহুতৰে জীৱনৰ এটা সময়ৰ এটা সপোন আছিল গুৱাহাটীত এদোখৰ মাটি কিনা।

শৰৎ সিংহ মুখ্যমন্ত্ৰী হৈ থকা সময়ত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালক একেবাৰে কম সুত আৰু দীৰ্ঘম্যাদী ব্যৱস্থাৰে ফ্লেট তৈয়াৰ কৰি বিক্ৰী কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত বহু টকা আহিল।

যেতিয়া অসম চৰকাৰে ফ্লেট সাজি বিক্ৰী কৰিবলৈ ওলাল তেতিয়া কোনো এজন অসমীয়া মানুহৰ পৰা এখনো আবেদন নপৰিল।

তেতিয়াও অসমীয়া মধ্যবিত্ত আৰু নিম্ন বিত্ত পৰিয়ালৰ মানুহে গুৱাহাটীত মাটি কিনি ঘৰ সজাৰ সপোনেই দেখি আছিল।

কিন্তু সময়ৰ পৰিবৰ্তন হ’ল।

পাৰাই পাৰাই বিভিন্ন Apartment গঢ়ি উঠিল যদিও বহু পৈতৃক সম্পত্তি হিচাপে পোৱা ঘৰৰ মালিকে ফ্লেট নিবাসী সকলক এতিয়াও দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জ্ঞান কৰে।

নতুনকৈ গঢ়ি উঠা ফ্লেট সংস্কৃতিৰ ভিতৰখন অতি সুক্ষ্ম ভাবে নিৰীক্ষণ কৰিছে লেখক সন্তোষ কুমাৰ কৰ্মকাৰে তেখেতৰ ‘মহানগৰ এপাৰ্টমেন্ট’ত ।

কৰ্মকাৰৰ মৃত্যুৰ পিছত প্ৰকাশ হোৱা এইখনেই প্ৰথম উপন্যাস।

Leave a Reply

Your email address will not be published. Required fields are marked *