
🌹🌹🌹🌹 কিতাপখনৰ বিষয়ে 🌹🌹🌹🌹
এইখন প্ৰৱন্ধৰ কিতাপ।
বিষয় মূলতঃ অর্থনীতি।
অসমৰ আৰ্থিক পুনৰুজ্জীৱনৰ স্বপ্ন দেখি বিভিন্ন সময়ত বিভিন্ন কাকতত এই লেখাবোৰ লিখিছিলো।
চতুৰ্থ অধ্যায়টোৰ বাহিৰে বাকী তিনিটা অধ্যায়ৰ অন্তৰ্গত প্ৰৱন্ধবোৰ লিখিছিলো মোৰ ৰাজনৈতিক জীৱনৰ ফাঁকে ফাঁকে।
প্রথম অধ্যায়ৰ বাৰটা প্ৰৱন্ধ লিখা হৈছিল ১৯৯২ চনত।
অসমবাণীৰ সম্পাদক শ্ৰীযুত হোমেন বৰগোহাঞিৰ অনুগ্ৰহত কাকতখনত ধাৰাবাহিকভাৱে প্ৰৱন্ধকেইটা প্ৰকাশ পাইছিল ১৯৯৩ চনৰ প্ৰথম ভাগত।
১৯৮৯ চনৰ এপ্ৰিল মাহত নতুন দৈনিক কাকতত মোৰ দীঘল প্ৰৱন্ধ এটা ধাৰাবাহিকভাৱে ছটা খণ্ডত প্ৰকাশ হৈছিল।
সেই প্ৰৱন্ধৰ নাম আছিল ‘অগপ চৰকাৰ, বড়ো বিক্ষোভ আৰু তাৰ সমাধান।
‘বিগত ছবছৰৰ পৰিবৰ্তনখিনিৰ আঁত ধৰি উক্ত প্ৰৱন্ধটো সংশোধিত আৰু সংকুচিত ৰূপত দ্বিতীয় অধ্যায়ৰ অন্তৰ্ভুক্ত কৰিছো ৷
অসমৰ চাহ উদ্যোগৰ লুণ্ঠন আৰু চাহ শ্ৰমিকৰ মর্মবেদনাৰ বিভিন্ন দিশ সম্পর্কে ১৯৯০-৯২ কালছোৱাত লিখা সাতটা প্ৰৱন্ধ তৃতীয় অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে।
চতুর্থ তথা অন্তিম অধ্যায়ৰ ৰচনাকাল ’৯৪-৯৫ চন। তৃতীয় আৰু চতুৰ্থ অধ্যায়ৰ লেখাবোৰ আজিৰ বাতৰি, সাদিন আৰু শ্ৰীযুত পৰাগ কুমাৰ দাসৰ সম্পাদিত বুধবাৰত প্রকাশিত।
অৱশ্যে লেখাবোৰত কম-বেছি পৰিমাণে হাত ফুৰাইহে ইয়াত ঠাই দিয়া হৈছে, বিষয়বস্তুৰ লগত অধিক সঙ্গতিপূৰ্ণ কৰাৰ স্বাৰ্থত।
শ্রদ্ধেয় সম্পাদকসকললৈ এইখিনিতে মোৰ কৃতজ্ঞতা প্রকাশ কৰিলো।
প্রথম অধ্যায়ৰ সমল গোটোৱাত মই বিশেষভাৱে দুজন মানুহৰ সহায় পাইছিলো।
এজন হ’ল সাংসদ ডা০ জয়ন্ত ৰংপ্পী।
১৯৯১ চনৰ কোনোবা এদিন বন্ধু ৰংপীয়ে এবোজা তথ্যসম্ভাৰ মোলৈ কঢ়িয়াই আনিছিল।
অনেক ঘাত-প্রতিঘাতৰ পিচতো সেই দিনটোৰ স্মৃতি মোৰ অন্তৰত অক্ষত হৈ আছে। আনজন আছিল প্ৰয়াত ৰবিজিৎ চৌধুৰী।
সান্নিধ্য বিচাৰি যাবলৈ তেখেত আজি আৰু নাই।
সহৃদয় ভদ্রলোকজনক শ্ৰদ্ধাৰে সুঁৱৰিছো।
বুনিয়াদে আগ্ৰহেৰে কিতাপখন ছপাই উলিয়ালে।
তাৰ বাবে মনোৰম গগৈ, কিশোৰ ভট্টাচাৰ্য, বেদৱত বৰা আৰু ধৈৰ্য হাজৰিকাৰ ওচৰত ঋণী হৈ ৰ’লো ।
কিতাপখন মোৰ মা আৰু দেউতাৰ নামত উৎসৰ্গা কৰিলো।
মোৰ জীৱনত তেওঁলোক দুজনৰ প্রভাৱ অপৰিসীম।
তেওঁলোকৰ পৰা শিকিবলৈ মোৰ বহুতো বাকী আছে।
জীৱনৰ যৎকিঞ্চিৎ উপলব্ধিৰ বাবেও মই মোৰ মা আৰু দেউতাৰ ওচৰতে ঘাইকৈ ঋণী।
✍️ ব্ৰজকিশোৰ শইকীয়া 🌹🌹🌹🌹

