
নাটকক কোৱা হয় পঞ্চমবেদ।
ভাৰত মুনিৰ নাট্যশাস্ত্ৰকে কোৱা হয় পঞ্চমবেদ।
সেয়েহে ভৰত মুনি ভাৰতীয় নাটকৰ গুৰু।
একেদৰে অসমত নাটকৰ জন্মদাতা হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ।
আকৌ অসমীয়া শিশু নাটকৰ গুৰু হ’ল শ্ৰীমাধৱদেৱ।
নাটকক যৌগিক কলা বোলে।
অর্থাৎ নাটকত বহুবোৰ কলাৰ উপাদান একেলগে প্রদর্শন হয়।
আজি তোমালোকক অসমৰ এগৰাকী শ্রেষ্ঠ অভিনেতা তথা নাট্য- শিল্পীৰ কথা লিখিবলৈ ওলাইছো।
তেওঁ হ’ল সকলোৰে মৰমৰ শিল্পী নটসূৰ্য ফণী শৰ্মা ৷
শৈশৱৰ পৰাই নাট্য কলাৰ প্ৰতি তেওঁৰ আছিল অদম্য হেপাহ ।
নিৰন্তৰ সাধনাৰ যোগেদি এইগৰাকী শিল্পীয়ে এদিন অসমৰ সকলোপ্ৰান্তৰ দৰ্শকৰ হিয়াৰ আমঠু হৈ ‘নটসূৰ্য’ সন্মান লাভ কৰিছিল।
এইগৰাকী নটসূৰ্যৰ ওপৰত লিখা এই শিশু গ্ৰন্থখনি পুথি প্ৰকাশৰ শ্ৰীদিলীপ শৰ্মাই ১৯৯৫ চনত প্ৰথম প্ৰকাশ কৰে।
শিশুসকলে এই গ্রন্থখনি আদৰি লৈছে।
দিলীপ কুমাৰ বৰুৱা
অকণিৰ চোতাল
ঘৰপোৰা চুবুৰী, তেজপুৰ, পিন ৭৮৪০০১

