
অনুবাদকৰ একাষাৰ
অসমীয়া ভাষাত যেনেকৈ কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’ আছে, ঠিক তেনেদৰে তামিল ভাষাত থকা তেনেকুৱাখন কিতাপ হৈছে ‘পোন্নিয়িন ছেলৱন’, যাৰ অৰ্থ হৈছে ‘কাবেৰীপুত্ৰ’।
তামিল ভাষাৰ সকলোতকৈ বেছি বিক্ৰী হোৱা এই কিতাপখন নপঢ়া বা ইয়াৰ নাম নুশুনা কোনো তামিলভাষী ব্যক্তি হয়তো নোলাব ।
চোল সাম্রাজ্যক ভিত্তি কৰি ৰচিত আৰু মুঠ ৫টাকৈ খণ্ডত প্ৰকাশিত এই ঐতিহাসিক ছিৰিজটো হৈছে ‘মহাভাৰত’ৰ দৰে নানা ৰকমৰ নানা উদ্দেশ্যৰে অভিপ্রায়িত চৰিত্ৰৰ সমাহাৰ।
Indian ‘Game of Thrones’ বুলি জনপ্রিয়তা পোৱা ‘পোন্নিয়িন ছেলৱন’ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হোৱা PS-1 আৰু PS- 2 নামৰ দুখন ছবি চিনেমাগৃহত ইতিমধ্যে মুক্তি পাইছে। মণি ৰত্নমৰ দ্বাৰা পৰিচালিত এই ছবিখন তামিল ভাষাৰ আটাইতকৈ সফল হোৱা ছবিসমূহৰ ভিতৰত শীৰ্ষৰ দ্বিতীয় স্থানত আছে।
‘পোন্নিয়িন ছেলৱন’ যেতিয়া প্ৰথমবাৰৰ বাবে ‘কল্কি’ নামৰ আলোচনীখনত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছিল, তেতিয়া আলোচনীখনৰ প্ৰচলনত এই উপন্যাসখনৰ প্ৰভাৱ কেনেকুৱা হ’ব পাৰে; সেই বিষয়ে কোনেও একো কল্পনা কৰিব পৰা নাছিল।
কেৱল সেয়াই নহয়; আজি অত বছৰ পাছত চোলৰ ইতিহাস আৰু মিথ্যাক ভ্ৰমণ কাহিনীৰ সৈতে সংমিশ্ৰণ কৰি ৰচিত হোৱা এই উপন্যাসখন আমাৰ সময়ৰ এজন উন্নত পৰিচালকে ডাঙৰ পৰ্দালৈ নি ইয়াক এখন চিনেমাৰ ৰূপ দিছে।
উপন্যাসখনে এক সুকীয়া শৈলী উদ্ভাৱন কৰিছিল—যিটো শৈলীক সমালোচকসকলে ‘কল্কি তামিল’ বুলি ক’বলৈ আৰম্ভ কৰিছিল। ৫টা খণ্ডৰ এই উপন্যাসখনক আজি তামিল সাহিত্যৰ এখন অন্যতম কালজয়ী গ্রন্থ হিচাপে গণ্য কৰা হয় ৷
যোৱা বছৰ দুৰ্গা পূজাৰ সময়ত PS-1 ছবিখনে মুক্তি লাভ কৰাৰ সময়ত মই কলকাতালৈ যোৱাৰ সুযোগ লাভ কৰিছিলোঁ আৰু ৰাতিৰ সময়খিনি পাৰ কৰিবলৈ ছবিখন চাবলৈ গৈছিলোঁ। ছবিখন চাই মই অভিভূত হৈ পৰিছিলোঁ আৰু PS-2 মুক্তি পোৱালৈকে অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ।
ইউটিউবত PS-2ৰ ট্ৰেইলাৰটো উপলব্ধ হোৱাৰ সময়ত মোৰ উত্তেজনা ধৰি ৰাখিব পৰাকৈ মই কৰিবলৈ হাত বাউলি মাতি আছিল। তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ যে কোনো বিকল্প বিচাৰি পোৱা নাছিলোঁ।
মোক যেন কাহিনীটোৱে তাক উন্মোচন সেইখন আচলতে এখন উপন্যাসক ভিত্তি কৰি নিৰ্মাণ কৰা ছবিহে ।
স্বাভাৱিকভাৱেই, মোৰ কিতাপখন পঢ়িবলৈ আগ্রহ জন্মিল।
ইণ্টাৰনেটত খুঁচৰি গম পালোঁ যে সেইখনৰ মুঠ পৃষ্ঠা সংখ্যা ২৫০০। সংখ্যাটো দেখি প্ৰথমতে মই এইবাবেই ভয় খাইছিলোঁ যে ২৫০০ পৃষ্ঠাৰ কিতাপ এখন পঢ়ি শেষ কৰিবলৈ মোৰ হাতত সময় আৰু ধৈৰ্যৰ যথেষ্ট অভাৱ আছিল আৰু সেইবাবেই মই এখন হিন্দী অনুবাদৰ কিতাপ অডিঅ’বুকযোগে শুনিবলৈ ল’লোঁ। অফিচলৈ অহা-যোৱা কৰা সময়খিনি মই সেইদৰে ব্যৱহাৰ কৰিবলৈ ল’লোঁ৷
এসময়ত মোৰ কিতাপখন সম্পূৰ্ণৰূপে শুনা হ’ল আৰু PS-2ৰ প্ৰদৰ্শন আৰম্ভ হ’ল। সেইখন চোৱাৰ পাছমুহূৰ্ততেই মই সিদ্ধান্ত লৈছিলোঁ যে মই ‘পোন্নিয়িন ছেলৱন’অসমীয়ালৈ অনুবাদ কৰিম আৰু ফেচবুকত সেই বিষয়ে ঘোষণা এটাও দিছিলোঁ। বহুতেই আগ্ৰহেৰে পঢ়িম বুলি কথা দিয়াত মই অনুবাদৰ কামটো ছিৰিয়াছভাৱে কৰিবলৈ আৰম্ভ কৰিছিলোঁ।
ফে’চবুকত পোৱা সঁহাৰিবোৰে মোক কামটো কৰি যাবলৈ উৎসাহ দিছিল। কেতিয়াবা বহু দিন ব্যক্তিগত অসুবিধাৰ বাবে খণ্ডবোৰ দিব নোৱৰাৰ বাবে মোক ব্যক্তিগতভাৱে মেছেজ কৰি পিছৰটো খণ্ড কেতিয়াকৈ দিম বুলি সোধা কথাবোৰে মোক কামটো নিয়াৰিকৈ চলাই নিবলৈ বাধ্য কৰিছিল। ফে’চবুকত ধাৰাবাহিকভাৱে পঢ়ি থকা প্রতিজন ব্যক্তিকেই মই এই চেগতে ধন্যবাদ জনাইছোঁ।
এনেকুৱা এখন কিতাপৰ অনুবাদৰ কাম হাতত লৈছোঁ বুলি কওঁতে সৌমিত্রদাই কামটো ভালকৈ কৰি যাবলৈ উপদেশ দিছিল আৰু অৱশেষত তেৱেঁই কিতাপখন প্ৰকাশ কৰাৰ দায়িত্বভাৰ ল’লে।
দিলীপদাই কৰা লে’আউট আৰু প্রচ্ছদসজ্জাই কিতাপখন দেখিবলৈ শুৱনি কৰিছে। পলাশদাই কিতাপখন অসমৰ প্ৰতিখন কিতাপৰ বিপণীলৈ পঠিয়াইছে। সপোনটিদাই গ্ৰন্থমেলালৈ গৈ কিতাপখন পঢ়ুৱৈৰ ওচৰলৈ নিছে। তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ।
কিতাপখনৰ প্রচ্ছদটো মনোমত অংকন কৰি দিয়া বাবে চুছেন কলিতাকো ধন্যবাদ জনালোঁ ।
দেৱজিৎ পাটোৱাৰী
অক্টোবৰ, ২০২৩
গুৱাহাটী-০৩

