🌹🌹🌹 বৰপেটাৰ দৌল উৎসৱৰ ৰং,ৰস🌹🌹🌹

✓ যোৱা শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফালে আধুনিক অসমীয়া ভাষাৰ প্ৰথমটো হোলীগীত ৰচনা কৰিছিল অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে।

কিন্তু তাৰো প্ৰায় বিশ বছৰ আগতেই এনেকুৱা দুটা গীত ছপা ৰূপত প্ৰকাশ পাইছিল।

কিন্তু ক’ত প্ৰকাশ পাইছিল সেই গীত দুটা ?

সেইকেইটা হোলীগীত নে ?

✓ বৰপেটাৰ বিখ্যাত দৌল উৎসৱ সম্পৰ্কে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ অনুভৱ কি ?

অম্বিকাগিৰী ৰায়চৌধুৰী,‌‌ ৰত্ন ওজাৰ দৰে বৰপেটীয়া মনীষীয়ে নিজৰ শৈশৱ, কৈশোৰ কালত বৰপেটাৰ দৌল উৎসৱত কি ৰং, কি ৰস বিচাৰি পাইছিল ?

✓ বৰপেটাৰ দৌল উৎসৱ কিমান পুৰণি ?

বৰদোৱাত প্ৰথম দৌল কেতিয়া পালন কৰা হৈছিল ?

বৰপেটাত দৌল উৎসৱ প্ৰথমবাৰ পালন কৰাৰ সময়ত মথুৰাদাস বুঢ়া আতাৰ বয়স আছিল কিমান ?

✓ ফকৰা যোজনাতো স্থান পাইছে বৰপেটাৰ দৌলে , একেদৰে বৰপেটাৰ দৌল উৎসৱৰ প্ৰসংগ আমাৰ কথা বতৰাতো । কিন্তু কেনেকৈ ?

✓ অসমীয়া লোকগীতত সাধাৰণতে ৰাধা- কৃষ্ণইহে স্থান পায়।

তাৰ মাজতে সীমিত সংখ্যক লোকগীতত আছে কৃষ্ণ – ঘুনুচাৰ প্ৰেম বিৰহৰ কথা।‌

গোকুল পাঠকৰ কিতাপত অন্তৰ্ভুক্ত এনে এটি লোকগীতটিৰ বিষয়ে আলোচনা।

✓ পুৰুষোত্তম দাস ৰচিত তথা ৰেডিঅ’ যোগে সম্প্ৰচাৰিত এটা আধুনিক গীতেই পিছলৈ বৰপেটাৰ জনসমাদৃত হোলীগীতলৈ ৰূপান্তৰিত হৈছিল ।

এই গীতটিৰ পূৰ্বৰ গায়ক গায়িকাৰ বিষয়ে চমু আলোচনা।

✓ আধুনিক অসমীয়া হোলীগীতৰ প্ৰথমজন ৰচক অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰকাশিত ৰচনাৱলীত হোলীগীত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

এই সম্পৰ্কে লিখা চমু কথা।

✓ জগত প্ৰসিদ্ধ বৰপেটাৰ দৌল উৎসৱৰ পৰ্যটকক আকৰ্ষিত কৰিব পৰা দিশসমূহ কি ?

বৰপেটাৰ দৌলৰ আনুষংগিক বিষয়ৰ আলোচনা আৰু তথ্যৰে সমৃদ্ধ দহটা প্ৰৱন্ধৰ সংকলিত কিতাপ ‘বৰপেটাৰ দৌল উৎসৱৰ ৰং, ৰস’।

মাত্ৰ ৬০ টকা দামৰ কিতাপখনৰ প্ৰতি আপোনালোকৰ সঁহাৰিয়ে আমাৰ শ্ৰম সাৰ্থক কৰি তুলিব।

ধন্যবাদ

নিৰ্মল ৰঞ্জন মজুমদাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *