💐💐বিনীতা বৰুৱাৰ দূৰন্ত প্ৰতিশ্ৰুতি
‘আকাশীগংগা বিচৰা নাই’💐💐

✍️অনিল ডেকা💞
অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণপাৰৰ এখনি মনোৰম চাহ বাগান শিমলীতোলা-কাহিবাৰী যাক ৰংজুলি চাহবাগিচা বুলিয়ে জনাজাত৷ এই ৰংজুলি চাহবাগিচাকে পটভূমি হিচাপে লৈ কাহিনীভাগ আগবঢ়াই লৈ যোৱা বিনীতা বৰুৱাৰ ‘আকাশীগংগা বিচৰা নাই’ এখন আঞ্চলিক সামাজিক উপন্যাস৷
গাঁৱলীয়া সমাজৰ হৰ্ষ-বিষাদ, হাই-দ্বন্দ্ব, প্ৰেম-বিৰহ, মান-অভিমান, আত্মীয়তা ইত্যাদি পাৰিবাৰিক কাহিনীৰ সুবাসেৰে সমৃদ্ধ উপন্যাসখন বিনীতা বৰুৱাৰ প্ৰথম উপন্যাস যদিও ৰচনাশৈলী, ভাব-ভাষা আৰু কাহিনীৰ প্ৰকাশভংগীৰ ক্ষেত্ৰত কোনো জঠৰতা নাই৷ প্ৰতিষ্ঠিত লেখকৰ দৰেই তেওঁৰ কাপৰ বৈচিত্ৰ্যতা উপন্যাসখনৰ ৰচনাৰ ক্ষেত্ৰত পৰিস্ফুট হৈছে৷ বিনীতা বৰুৱাৰ সাহিত্য সৃষ্টিত এক সুকীয়া মাত্ৰা আছে আৰু কাহিনী বাছনিৰ ক্ষেত্ৰতো এক অনন্য আবেদন আছে৷ সৰজ-সৰল ভাষাৰে পাঠকৰ অন্তৰ চুই যাব পৰাকৈ এটা সৰু ঘটনাকে তেওঁ বিশালতাৰ ৰূপ দিবলৈ সক্ষম হৈছে৷
সম্প্ৰতি জনপ্ৰিয়তাৰ শিখৰলৈ ধাৱমান হ’বলৈ ধৰা ছ’চিয়েল মিডিয়া ‘ফেচবুক’ৰ সুন্দৰ সুবিধা আদায়েৰে যিসমূহ সম্ভাৱনাময় লেখক-লেখিকাই সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে সেইসমূহৰ ভিতৰত বিনীতা বৰুৱাও অন্যতম৷ ফেচবুকৰ জৰিয়তেই বিনীতাই নিজৰ এখন সুন্দৰ প্লেটফৰ্ম সজাই ল’বলৈও সক্ষম হৈছে৷ লেখিকাৰ ‘আকাশীগংগা বিচৰা নাই’ উপন্যাসখন তাৰেই পৈণত ফচল৷
উপন্যাসখনৰ চমুকৈ কাহিনীভাগ এনেধৰণৰ– উপন্যাসৰ এটা উল্লেখযোগ্য চৰিত্ৰ হৰিকায়ে তেওঁৰ জীৱনৰ এক গোপন কাহিনী প্ৰতিটো মুহূৰ্ততে আলফুলে নীৰৱে মনত কঢ়িয়াই থাকে৷ ঘটনাৰ পাকচক্ৰত তেওঁ জীৱন চহৰীয়াৰ ঘৰত লগুৱা হিচাপে নিজ কন্যা মাজনীক নিজৰ চকুৰ আগত ৰাখি নিজৰ তদাৰকীতে ডাঙৰ-দীঘল কৰিছে অথচ কোনোদিনে আত্ম পৰিচয় তাইক জানিবলৈ দিয়া নাই৷
কাৰণ তেওঁ প্ৰতিশ্ৰুতি আৰু প্ৰতিজ্ঞাৱদ্ধ মেনকাৰ ওচৰত! শৈশৱৰ পৰাই বালিত বহি বালিঘৰ সজা, লুকাভাকু, পুতলাৰ দৰা-কইনা খেলা তৰালী আৰু অনুৰাগৰ হৃদয়ৰ নিভৃত কোণত জন্ম হোৱা প্ৰেম সদায় অব্যক্ত হৈয়ে ৰ’ল জানো! হয়তো কাহিনীৰ ছাচপেন্সৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰিত্ৰ অনুৰাগক ট্ৰেজিক চৰিত্ৰ হিচাপে ঔপন্যাসিকাই উপস্থাপন কৰিছে৷ অনুৰাগৰ অন্তৰ্মুখী চৰিত্ৰৰ বাবেই উপন্যাসখনৰ মুখ্য নাৰী চৰিত্ৰ তৰা অৰ্থাৎ তৰালীক কৰুণভাৱে নিজ জীৱনৰ পৰা হেৰুৱাব লগা হ’ল৷
তেনেদৰে অনুৰাগ-তৰাৰ জীৱনৰ সকলো কথা জনাৰ পিছতো আন এক পুৰুষ চৰিত্ৰ আকাশে তৰাক প্ৰথমতে পৃথকাই ৰাখিবলৈ চেষ্টা কৰিছিল যদিও তৰাৰ সৰলতা আৰু নম্ৰতাত হাৰ মানি নিজৰ অটল স্থিতিক একাষৰীয়াকৈ থৈ তৰাৰ সতে একাত্ম হোৱাৰ সংকল্প ল’বলৈ বাধ্য হয়৷ আনফালে আকাশৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লোৱা তৰাই আকাশৰ ঘৰখনত সোমায়ে স্নেহ বান্ধোনেৰে অতি সহজে ঘৰখনৰ সকলোৰে আপোন হৈ পৰাৰ সময়তে নিজ শাহুৱেকক শোচনীয় অৱস্থাত নৰিয়াপাটিত এৰি দেউতাক চন্দন মাষ্টৰৰ অসুখৰ খবৰ ল’বলৈ যাওঁতে হাস্পতালত ভৰ্তি কৰিব লগা হৈ সাময়িকভাৱে ব্যস্ত হোৱাৰ সময়তে তৰালীৰ শাহুৱেকৰ মৃত্যু হয় আৰু শোকবিহ৩ল হৈয়ে শহুৰেকৰ ঘৰলৈ ওভতে৷ এফালে জন্মদাতাৰ অসুস্থতা আনফালে শাহুআইৰ মৃত্যুই তৰাক বাৰুকৈয়ে অস্থিৰ কৰি তোলে৷
তেনে সময়তে আকাশ-তৰাৰ বহুদিনীয়া অন্তদ্বৰ্ন্দ্বৰ পাছত সোণালী সুদিনৰ স্বাক্ষৰ হিচাপে স্থিতি লোৱা তৰাৰ গৰ্ভস্থ ভ্ৰুণে মৃতকৰ পৰিয়াল হিচাপে পালিবলগীয়া গাঁৱৰ কঠোৰ ৰীতি-নীতিৰ গণ্ডীত পৰি গৰ্ভপাত হৈ তচনচ কৰি পেলায় তৰাৰ সুকোমল হৃদয়৷ অৱশেষত মানসিক সুস্থতা দান কৰিবলৈ আকাশে তৰাক শ্বিলং ভ্ৰমণলৈ লৈ যায় যদিও দুৰ্ভাগ্যক্ৰমে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু তৰাৰ বাহিৰে আটাইকেইজনৰে আকস্মিক মৃত্যু ঘটে৷ ইফালে সৌভাগ্যক্ৰমে তৰা বাচে যদিও মানসিক সন্তুলতা হেৰুৱাই পেলায়৷ অৱশ্যে পাছলৈ মানৱদৰদী, মৰ্ত্যৰ ভগৱান ডাঃ ভাগৱতী-দম্পতীৰ যত্নত প্ৰতীক্ষা ছদ্মনামধাৰী তৰা সুস্থ হৈ উঠে৷
আনফালে অনুৰাগে তাৰ অন্তৰংগ বন্ধু সীমান্তৰ মাক-দেউতাক আৰু ভনীয়েকৰ সৈতে কইনা চাবলৈ যাওঁতে হৰিকাইৰ ৰহস্যঘন জীৱনৰ বিস্ময়কৰ ঘটনাৰ সবিশেষ জানিবলৈ ৰৈ থকা সকলোৰে অধীৰ আগ্ৰহৰ অন্ত পৰে আৰু তেজপুৰ মানসিক চিকিৎসালয়ৰ ঝুমুৰ গোৱা জনীয়েই যে হৰিকাইৰ পত্নী সেই কথা পোহৰলৈ আহিবলৈ ধৰাৰ মুহূৰ্ততে কাহিনীৰ অন্ত পৰিছে৷
উপন্যাসখনৰ উপনায়ক সীমান্তৰ সৈতে অনুৰাগৰ অন্তৰংগতা, সীমান্তৰ দুৰ্ঘটনা, সীমান্তৰ ভনীয়েক মনালিচাৰ অনুৰাগৰ প্ৰতি প্ৰেম আৰু মনালিচাৰ প্ৰতি জাগ্ৰত হোৱা অনুৰাগৰ অব্যক্ত প্ৰেম আদি কথাবোৰ কাহিনীৰ সৈতে সুন্দৰকৈ ৰজিতা খুৱাই ঔপন্যাসিকাই চৰিত্ৰসমূহ উপস্থাপন কৰিছে৷
মুঠ কথাত ক’বলৈ গ’লে লেখিকা বিনীতাই প্ৰথম প্ৰচেষ্টাতে যি পৈণত হাতৰ প্ৰতিশ্ৰুতি দেখুৱাবলৈ সক্ষম হৈছে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া৷ আমি নিশ্চিত যে লেখিকাৰ কাপেৰে আৰু নিগৰিত হ’ব এনেকুৱা অসংখ্য অমূল্য উপন্যাস-সম্ভাৰ৷
লেখিকাই কলাসুলভ লেখনশৈলী আৰু সুমিষ্ট শব্দব্যঞ্জনাৰ সমাহাৰেৰে যিধৰণে এক নিপোটল সৃষ্টি আগবঢ়ালে সেয়া পঢ়ি আমি বাৰুকৈয়ে মোহাচ্ছন্ন হৈছোঁ৷ আশা ৰাখিছোঁ আপোনালোক সকলোৱে এবাৰলৈ হ’লে ‘আকাশীগংগা বিচৰা নাই’ উপন্যাসখন পঢ়িব আৰু এক উজ্জ্বল প্ৰতিশ্ৰুতিসম্পন্ন আৰু অফুৰন্ত সম্ভাৱনাৰ গৰাকী বিনীতা বৰুৱাক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব আলোকৰ যাত্ৰী হৈ আগবাঢ়ি যোৱাত৷
