সৌমাৰ নন্দিনী

💐💐💐গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐
💐আজিৰ অতিথি✍ সুকন্যা গাৰ্গী শইকীয়া💐
গ্ৰন্থ : ‘সৌমাৰ নন্দিনী ‘।
লেখিকা : জুৰি শইকীয়া।
প্ৰকাশক : বনলতা।
'সৌমাৰ নন্দিনী' চুতীয়া ৰাজ্যৰ ৰাণী সাধিনীৰ জীৱন বৰ্ণিত এখন বুৰঞ্জীমূলক উপন্যাস।লুইতৰ পাৰত প্ৰতিষ্ঠা হোৱা চুতীয়া ৰাজ্য এসময়ত ধনে- জনে সমৃদ্ধিশালী আছিল।নিজস্ব জীৱন- শৈলী,ৰীতি-নীতি,সংস্কৃতি আৰু পৰম্পৰাৰে সমৃদ্ধ আছিল চুতীয়া জাতি।উপন্যাসখনৰ পৃষ্ঠাবোৰত পোৱা যায় বিভিন্ন থলুৱা খাদ্যৰ প্ৰস্তুত প্ৰণালী,সেই সময়ৰ চুতীয়াৰ ৰাজ বংশৰ দ্বাৰা পালিত পূজা পদ্ধতি,ৰণ কৌশল,বিবাহ পদ্ধতি,বিয়ানাম আদি।অদূৰদৰ্শিতা, লাহ-বিলাহৰ চূড়ান্ত পর্যায়ে ঐতিয্যমণ্ডিত চুতীয়াৰ ৰাজবংশৰ কিদৰে পতন সম্ভৱ হৈছিল,তাক সুন্দৰ ৰূপত উপন্যাসখনত ফুটাই তুলিছে লেখিকাই।উপন্যাসখনৰ সংলাপবোৰ ইমানেই আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে যে মই নিজকে কল্পনাৰ জৰিয়তে সেই সময়ৰ চুতীয়া ৰাজ্যত বিচৰণ নকৰাকৈ থাকিব নোৱাৰিলো।
চুতীয়া দেশৰ ৰাজধানী আছিল সধয়াপুৰ। সাধিনী সধয়াপুৰৰ ৰজা ধীৰনাৰায়নৰ একমাত্ৰ নন্দিনী।ৰাণী শ্ৰীকান্তি আৰু ধীৰনাৰায়ণ বহুবছৰ অপুত্ৰক আছিল,আই তাম্ৰেশ্বৰীৰ কৃপাতহে আৰু বহু সাধনাৰ ফলত সাধিনীৰ জন্ম হোৱাৰ বাবে তাইৰ নাম সাধিনী ৰখা হয়।সাধিনী গাভৰু হোৱাৰ পিছত দেউতাক ধীৰনাৰায়নে সাধিনীক ৰাজসিংহাসনৰ উত্তৰাধিকাৰী পাতিবলৈ মনস্থ কৰাৰ সময়তে প্ৰশ্ন উত্থাপন হয় যে তেতিয়ালৈ চুতীয়াৰ ৰাজসিংহাসনত কোনো ৰাণী বহা নাই।সাধিনী অস্ত্ৰ চালনা,ঘোঁৰা চলোৱাত পাৰ্গত হোৱাৰ লগতে ৰাজনীতি,ধৰ্মনীতি ,শাসননীতি আদি সকলো শিকিছে।
১৪৯৭ খ্ৰীষ্টাব্দত চুহুংমুং আহোমৰ ৰজা হয়।সধয়াপুৰৰ ঐশ্বৰ্য - বিভূতিয়ে আহোমক বাৰে বাৰে চুতীয়া ৰাজ্যৰ প্ৰতি আকৰ্ষিত কৰিছিল অৰ্থাৎ এই দেশ আক্ৰমণৰ পণ পাতিছিল।কিন্তু চুতীয়া সৈন্যৰ পৰাক্ৰমৰ কথা জানি সতকাই আক্ৰমণ কৰিবলৈ সাহস গোটাব পৰা নাছিল।
বিবাহোপযোগী ৰাজকন্যা সাধিনীৰ বিবাহ সয়ম্বৰ প্ৰথাৰে অনুষ্ঠিত হ'ব বুলি ৰজাই ঘোষণা কৰাত ৰাণীকে ধৰি মন্ত্ৰী- মহামন্ত্ৰীয়ে কথাৰ বিৰোধিতা কৰিছিল যদিও ৰজাই নিজৰ মতত অটল থাকিল।সয়ম্বৰৰ পণ দিয়া হ'ল এডাল শৰেদি এটা কেৰ্কেটুৱাক শৰবিদ্ধ কৰা জনেই সাধিনীক লাভ কৰিব।বিভিন্ন ৰাজ্যৰ পৰা অহা ৰাজকুমাৰে কৰিব নোৱাৰা কামটো সাধাৰণ কাঁড়ি পাইক নিতায়ে কৰাত ৰজাই সাধিনীক মান-মৰ্যাদাৰ খাতিৰত নিতাই লৈকে বিয়া দিলে।এজন সাধাৰণ কাঁড়ি পাইকৰ লগত দেউতাকৰ মতত বিয়াত বহিব লগা হোৱাত সাধিনীৰ মন - মগজু থান-বান হৈ পৰিল।
নিতাইক যুৱৰাজ ঘোষণাৰ দুদিনৰ পাছতে সকলোকে আচৰিত কৰি ধীৰনাৰায়ন আৰু পত্নী দুয়ো সন্ন্যাসলৈ গ'ল সংসাৰৰ মায়া ত্যাগ কৰি। সাধিনীক এজন সাধাৰণ যুৱকলৈ বিয়া দিব লগা আৰু নিজৰ ভুলৰ বাবে এনে অৱস্থা হোৱাৰ দুখ সহিব নোৱাৰি ৰজাই সন্ন্যাস ল'বলৈ বাধ্য হ'ল।পৰৱৰ্তী সময়ত নিতাইক সধয়াপুৰৰ ৰজা ঘোষণা কৰাত নিতাইক নীতিপাল নামেৰে জানা গ'ল। ৰাজ্য পৰিচালনাৰ তিলমানো জ্ঞান নথকা নীতিপালে ৰাজ্য তথা প্ৰজাৰ বাবে ইটোৰ পাছত সিটো ভুল সিদ্ধান্ত লোৱাৰ বাবে সধয়াপুৰৰ অৱস্থা দিনক দিনে বেয়ালৈ গতি কৰিলে।এই কথা আহোমে গম পালে আৰু চুতীয়া ৰাজ্যৰ ওপৰত থকা পূৰ্বৰ প্ৰতিশোধ পূৰণৰ সঠিক সময় বুলি চুতীয়া ৰাজ্যৰ ওপৰত জঁপিয়াই পৰিল।যুদ্ধ হ'ল চুতীয়া আৰু আহোমৰ মাজত। এই যুদ্ধত চুতীয়া ৰাজ্যৰ মন্ত্ৰী,মহামন্ত্ৰী,সেনাপতিকে ধৰি ৰজা নীতিপালৰ মৃত্যু হয় সাধিনীৰ চকুৰ সন্মুখতে । নীতিপালেই আছিল চুতীয়া ৰাজ্যৰ শেষৰ জন ৰজা।ৰাণী সাধিনীলৈ আহোম ৰজাৰ পৰা বাণী আহিল যে সাধিনীয়ে আত্মসমৰ্পণ কৰিব লাগে আৰু এনে কৰিলে কুঁৱৰী পাতি আহোমৰ ৰাজহাউলিত স্থান দিয়া হ'ব।সাধিনীয়ে ক'লে পৰাধীন,পৰপুৰুষৰ শয্যাসংগী হোৱাতকৈ মৃত্যুৱেই শ্ৰেয়। শত্ৰুৰ পৰা দেশ বচাব নোৱাৰাৰ বাবে কুবেৰদেউৰ সম্পত্তি থকা চন্দন কাঠৰ বাকচটো আঁচলেৰে বুকুত বান্ধি ললে।বাকচটো ভিতৰত আছিল এটা সোণৰ মেকুৰী,ৰূপৰ ঢাল আৰু তৰোৱাল।" জননী জন্মভূমিশ্চ স্বৰ্গাদপী গৰীয়সী" - বুলি কৈ সাধিনীয়ে চন্দনগিৰিৰ ওখ টিলাৰ পৰা তলৰ গভীৰ কুণ্ডলৈ জঁপিয়াই দিলে। কনচেং বৰপাত্ৰ গোহাঁয়ে আকুলতাৰে কৈ উঠিল, " ধন্য,ধন্য তুমি সৌমাৰনন্দিনী"(২৮০পৃষ্ঠা)।
লেখিকা জুৰি শইকীয়া বাইদেউৱে ইমান সাৱলীল কৈ উপন্যাসৰ কাহিনীভাগ উপস্থাপন কৰিছে যে বাস্তৱত বা স্বচক্ষুৰে সধয়াপুৰ প্ৰত্যক্ষ কৰাৰ দৰে লাগিল।
।। সমাপ্ত।।
( * উপন্যাসখনৰ পৰা মই এটা নতুন শব্দ শিকিলো,’মুকা’। ‘মুকা’ মানে : স্বামী। )
✍ সুকন্যা গাৰ্গী শইকীয়া।
আমগুৰি,শিৱসাগৰ।
