
: বিশিষ্ট সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ড।
গোবিন কুমাৰ খাউণ্ড মাজুলীৰ এগৰাকী বিখ্যাত ঔপন্যাসিক। তেওঁ এতিয়ালৈকে কেইবাখনো জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক উপন্যাস আৰু অন্যান্য উপন্যাস কুৰিৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। খাউণ্ডৰ উপন্যাসে পাঠকৰ মন গভীৰভাৱে প্ৰভাৱ পেলায় আৰু মনমুগ্ধ কৰে ।
গোবিন কুমাৰ খাউণ্ড মাজুলীৰ এগৰাকী বিখ্যাত ঔপন্যাসিক। তেওঁ এতিয়ালৈকে কেইবাখনো জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক উপন্যাস আৰু অন্যান্য উপন্যাস কুৰিৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। খাউণ্ডৰ উপন্যাসে পাঠকৰ মন গভীৰভাৱে প্ৰভাৱ পেলায় আৰু মনমুগ্ধ কৰে ।
এবাৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনে কৈছিল – “খাউণ্ড মছলা থকা ল’ৰা। তেওঁৰ ভাষা সাংঘাটিক। চৰ্চা কৰি থাকিলে এদিন কিবা এটা হʼবগৈ। “
🟩 ১৯৭৭ চনত সত্ৰনগৰী মাজুলীৰ ভকতি দূৱাৰ গাঁৱত সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডৰ জন্ম হয়। মৰমতে মাতা নাম বাপকণ। তেওঁৰ পিতৃৰ নাম তিলেশ্বৰ খাউণ্ড আৰু মাতৃ নাম সুবৰ্ণলতা খাউণ্ড।খাউণ্ডে ২০ নং ভকতি দূৱাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে।
উজনি মাজুলী খেৰকটিয়া মহাবিদ্যালয়ৰ পৰা ১৯৯৭ চনত স্নাতক ডিগ্ৰী লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত সাহিত্যৰ প্ৰতি আগ্ৰহী হয়। সেই সূত্ৰে বিদ্যালয়ৰ ছাত্ৰ বাসৰ প্ৰাচীৰ পত্ৰিকা জেউতি’ত জড়িত হোৱাৰ সুযোগ লাভ কৰে । জিজ্ঞাসা নামৰ শৈক্ষিক আলোচনীখনত ‘ভকতি বিল’ক কেন্দ্ৰ কৰি অঞ্চলটোত চলি থকাৰ লোক কথাৰ যোগেদি প্ৰথম বাৰৰ বাবে ছপা ৰূপত খাউণ্ডৰ নাম প্ৰকাশ পায়।
১৯৯৪ চনত সন্তান শীৰ্ষক এখনি উপন্যাস ৰচনা কৰি সাহিত্য চাৰ্য চৈয়দ আব্দুল মালিক দেৱক পান্ধুলিপি দেখুওৱাৰো সুযোগ পাইছিল তেওঁ। তেতিয়া মালিকে খাউণ্ডক কৈছিল – “কলা ছোৱালী এজনীক বিয়া দিব লাগে। সেই ছোৱালী জনীক কি কাপোৰ পিন্ধিলে ধুনীয়া দেখিব সেই কথাটো যিয়ে জানিব তেৱেঁই উপন্যাস লিখিব পাৰিব।”
যোৰহাট মহাবিদ্যালয়ৰ আলোচনীত” আশা ” নামৰ এটি কবিতা প্ৰকাশ পাইছিল। সেয়াই আছিল ছপা ৰূপ হোৱা প্ৰথম সৃষ্টি । সৰুৰেপৰাই তেওঁ সাহিত্যৰ প্ৰতি ৰাপ । সাহিত্যৰ লগতে তেওঁ সাংবাদিকতাৰ প্ৰতিও কম বয়সৰ পৰাই ধাউতি আছিল।
১৯৯৮ চনৰ শেষৰ ফালে তেওঁ”আমাৰ অসম কাকত”ত মাজুলী ভকতি দুৱাৰ অঞ্চলৰ পৰা নিজা প্ৰতিবেদক হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময় ২০০৩ চনত অসমীয়া প্ৰতিদিন কাকতত উজনি মাজুলীৰ প্ৰতিবেদক হিচাপে সেৱা আগ বঢ়ায়। ২০০৭ চনত দিফুৰ পৰা প্ৰকাশিত “পাহাৰী দূত” নামৰ দৈনিক কাকতখনৰ ষ্টাপ ৰিপৰ্টৰ হিচাপে যোগদান কৰে। পৰবৰ্তী সময়ত আমাৰ অসম কাকতৰ যোৰহাট কাৰ্যালয়ৰ উপ সম্পাদক হিচাপে যোগদান কৰি ২০১০ চনত গুৱাহাটী কাৰ্য্যালয়লৈ বদলি হয়।
২০১১ চনত চেটেলাইট চেনেল নিউজ টাইম অসম (প্ৰতিদিন টাইম ), অধুনালুপ্ত প্ৰাইম নিউজ’ত চিনিয়ৰ ডেক্স এডিটৰ প্ৰযোজক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । উক্ত সময়তে “”খোজ” নামৰ এটা অনুষ্ঠানৰ বাবে আঢ়ৈ কুৰিৰো অধিক বিশিষ্ট তথা বৰেণ্য অসমীয়াৰ জীৱন ভিত্তিক তথ্য চিত্ৰ ৰচনা কৰিছিল। সেই সকলৰ ভিতৰত- ড০ মামণি ৰয়ছম গোস্বামী, অতুলানন্দ গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য, কেশৱ মহন্ত,সুদক্ষিণা শৰ্মা, ড০ ভূপেন হাজৰিকাৰ, পুলক গগৈ, ৰমেন বৰুৱা, হীৰেন ভট্টাচাৰ্য, বীৰেন সিংহ, কুমুদেশ্বৰ হাজৰিকা, বেদব্ৰত বৰা আদ্য শৰ্মা, হেমন্ত বৰ্মন আদি। ইয়াৰ পিছত প্ৰায় দুবছৰ ধৰি “নিয়মীয়া বাৰ্তা”কাকতত উপ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰি পৰৱৰ্তী সময়ত অসম আদিত্য কাকতটো প্ৰায় চাৰি বছৰ সেৱা আগবঢ়ায় আহিছে। সাংবাদিকতাৰ মাজতে সৃষ্টিশীল সাহিত্যৰ জগতত খোজ পেলায় কাকত আলোচনীত নিয়মিতভাৱে লিখা মেলা কৰি অহা খাউণ্ডে ২০০৯ চনত আলফাই হত্যা কৰা বিশিষ্ট সমাজ কৰ্মী সঞ্জয় ঘোষৰ হত্যা কাণ্ডক লৈ “মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ” শীৰ্ষক বহু চৰ্চিত উপন্যাস খন ৰচনা কৰে। কিছুসময়ৰ বাবে আকাশবাণী ডিব্ৰুগড়ত অংশকালীন ঘোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
🟩 খাউণ্ডৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল –
“মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ” (২০০৯),
ক্ৰন্দসী মাজুলী ( ২০১০) “আতৈ” (২০১১), “উৰণীয়া মৌ”(২০১৪), “ৰুময়াং”(২০১৬) “তেজস্বিনী”(২০১৬) বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া” (২০১৭), “বগী”(২০১৯),” “মজিয়া ভেটিৰ জুই”(২০২০) , “দিদৌ” (২০২২) “চৰাইচোংত সন্ধ্যা তৰা” (২০২৪) , ” সমাধিত সৰ্বানন্দ” (২০২৪),”অৰণ্য মানৱ যাদৱ পায়েঙ” (শিশু উপন্যাস) “মালালা ” (২০২৪)(শিশু উপন্যাস)🟩 যুটীয়াভাৱে সম্পাদিত গ্ৰন্থসমূহ হৈছে-
ভকতি দুৱাৰ অঞ্চলৰ ঐতিহ্য আৰু গৌৰৱ-(২০১৮), শিল্পী পেঞ্চনাৰ ধনীৰাম খাউণ্ড (২০১৯) সপোনৰ দলং আৰু নিমাতীঘাটৰ নাও দুৰ্ঘটনা(২০২১ ) , নবীন চন্দ্ৰ বৰুৱাৰ সৃষ্টি আৰু দৃষ্টি ,দীপালোকৰ একমাত্ৰ সংকলন, সোণালী স্বাক্ষৰ , মণিকাঞ্চন দৰ্পণ (সম্পাদনা)
🟩 শিক্ষাগুৰু মোহন চন্দ্ৰ মহন্তৰ অৱসৰ সম্বৰ্দ্ধনা উপলক্ষে প্ৰকাশিত “গুৰু বন্দনা”।
🟩 খাউণ্ডৰ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ বাল্যবন্ধু প্ৰদীপ দত্তৰ অনুলিখিত আত্মজীৱনী “জীৱন আৰু সংগ্ৰাম” (২০১৮) আন এক উল্লেখযোগ্য গ্ৰন্থ।
🟩 বিভিন্ন বঁটা –
২০২১ চনত ‘ অসম ভাষা গৌৰৱ আঁচনি’ৰ অন্তৰ্গত লেখক সম্বৰ্ধনা সন্মানেৰে সন্মানিত হৈছিল। , সাহিত্য চৰ্চা কেন্দ্ৰৰ পৰা, অসম সাহিত্য বঁটা ( ২০২১), ৰেণু নেওগ সোঁৱৰণী প্ৰজ্ঞাৰ সাধক বঁটা (২০২৪)🟩 খাউণ্ডৰ অপ্ৰকাশিত “চায়েলিকাৰ ডায়েৰী” শীৰ্ষক উপন্যাসখনৰ আধাৰত অসমীয়া কথাছবি” চিঞৰ” নামেৰে নিৰ্মাণ কৰা হয় আৰু “ৰুময়াং” নামৰ উপন্যাস খনক লৈ এখন বোলছবিৰ কাম চলি আছে। কলেজীয়া জীৱনতে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা খাউণ্ডে “জীয়া মানুহৰ মৰিশালী,” ” আঁউসীৰ জোনাক “নামৰ দুখন সামাজিক নাট ৰচনা কৰাৰ উপৰিও কেইবাখনো একাংকিকা নাট ৰচনা কৰিছে – অজ্ঞাত বাস, অলকা নাম্বাৰ ৱান,খোলাকটিৰ তাল আদি। উজনি মাজুলীৰ খেৰকটিয়া কলেজৰ ১৯৯৬-৯৭ দুটা বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে স্বীকৃতি লাভ কৰিছিল।
✍️বৃন্দা পেগু৷🌹🌹🌹
০৪-০৬-২০২৫
