‘অসমীয়া লেখক-লেখিকাৰ পৰিচয়’ হয়, সজ কামৰ বাবে আগ বঢ়া হৈছে। ভাল পাইছোঁ। আমাকো ইয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনোৱাত পৰম সুখী হৈছোঁ।

সাহিত্যৰ ক্ষেত্ৰখনত আমাৰ অৱদান তেনেই নগন্য। আমি মাত্ৰ মাতৃভাষা প্ৰেমীহে। বিশেষকৈ ব্যাকৰণৰ দিশটোহে আমি অধ্যয়ন কৰোঁ।
আমাৰ প্ৰকাশিত কিতাপ —
১) লোক-প্ৰজ্ঞা (ফকৰা যোজনা)

তিনিশ পৃষ্ঠাৰ ( Book Size) পকা-বন্ধা কিতাপ, মূল্য তিনিশ টকা।
কিতাপখনিত তিনিহাজাৰ তিনিশ যোজনা, এশ ডাক-প্ৰবচন আৰু চাৰিশ কুৰিটা ফকৰা ( ভকতীয়া যোজনা) আছে।

২) অসমীয়া যুক্তাক্ষৰ
আশী পৃষ্ঠাৰ (Book Size) কেঁচা-বন্ধা কিতাপ। মূল্য সত্তৰ টকা।

এই কিতাপখনত সকলো অসমীয়া যুক্তাক্ষৰ আছে। যুক্তাক্ষৰ গঠনৰ নিয়ম-নীতি আছে।

৩) Spoken English

এইখন এশ বিশ পৃষ্ঠাৰ (Book Size) কেঁচা বন্ধা কিতাপ। মূল্য এশ বিশ টকা।

৪) Basic English

এইখন পঁচাশী পৃষ্ঠাৰ (Book Size) কেঁচা-বন্ধা কিতাপ। মূল্য আশী টকা।

৫) Teaching of English and Social Science

এইখন D. El. Ed. আৰু B. Ed. ৰ শিক্ষকৰ সহায় হোৱা Basic concepts -ৰ কিতাপ। মূল্য এশ বিশ টকা।

৬) শিক্ষাদানৰ কৌশল আৰু আৰ্হি পাঠ-পৰিকল্পনা।
B.Ed. আৰু D. El. Ed. – ৰ শিক্ষণৰ আৰ্হিত কৰা এখন কিতাপ।
মূল্য দুশ পঞ্চাশ টকা।

( কিতাপখনৰ পুনৰ প্ৰকাশ বন্ধ হৈ আছে, পাঠবোৰ সলনি হোৱাৰ বাবে নতুন পাঠৰ আধাৰত পাঠ-পৰিকল্পনা কৰা হোৱা নাই।)

৭) তিনিখন কিতাপৰ পাণ্ডুলিপি সাজু হৈ আছে।
ক) প্ৰাৰ্থনা পুথি এখন
খ) নেওতা
গ) অসমীয়া ভাষাৰ ব্যাৱহাৰিক ব্যাকৰণ

আন এখন কিতাপৰ কাম কৰি আছোঁ। (কিতাপখন অভিভাৱকসকলৰ কৰণীয় সন্দৰ্ভত লিখি থকা হৈছে। )

মোৰ নাম— কুমুদ বৰা
পিতৃ: শ্ৰীযুত ধৰ্মেশ্বৰ বৰা
মাতৃৰ নাম: ঁ জোনাকী বৰা।

জন্ম: ১ ফ্ৰেব্ৰুৱাৰী, ১৯৭২

স্কুলীয়া শিক্ষা: ১৪৩ নং পোহাৰদিয়া প্ৰাথমিক বিদ্যালয়

হাইস্কুল: মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰথম বিভাগত (৭২%) উত্তীৰ্ণ।
কলেজ: মাজুলী মহাবিদ্যালয়ৰ পৰা স্নাতক।

স্নাতকোত্তৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ( দূৰ-শিক্ষা) শিক্ষা বিষয়ত স্নাতকোত্তৰ।

বৃত্তিগত শিক্ষা : College of Teacher Education, Dhakuakhana-ৰ পৰা B. Ed. ডিগ্ৰী লাভ।

কৰ্মজীৱন : ১৯৯৮ চনৰ পৰা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত।

স্বীকৃতি: ২০২১ বৰ্ষত অবিভক্ত যোৰহাট জিলাৰ ভিতৰত এগৰাকী জিলা কৃতী শিক্ষক হিচাপে বঁটা লাভ।

কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *