
মই নীলাক্ষী ভট্টাচাৰ্য্য। কামৰূপ জিলাৰ ৰঙিয়া সমষ্টিৰ কনিহাৰ ইচ্ছাদঘৰীয়াৰ দ্বিজেন্দ্ৰ নাথ ভট্টাচাৰ্য্য আৰু মিনু ভট্টাচাৰ্য্যৰ জীয়ৰী আৰু কামৰূপ জিলাৰ সোণেশ্বৰ নিৱাসী ক্ষীৰদা দেৱীৰ বোৱাৰী আৰু দিগন্ত শৰ্মাৰ পত্নী।
মোৰ শিক্ষা জীৱনৰ আৰম্ভণি কনিহা মজলীয়া বিদ্যালয়ত প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণীলৈ হয়। ইয়াৰ পিছত হাইস্কুলীয়া পঢ়া পূৱ বড়িগোগ কনিহা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হয়। ৰঙিয়া মহাবিদ্যালয় স্নাতক অসমীয়াত অনাৰ্চ লৈ পঢ়োঁ। কৃষ্ণকান্ত সন্দিকৈ পৰা স্নাকোত্তৰ পঢ়া হয় যদিও আধৰুৱা হৈ থাকিল। হিন্দী পৰীক্ষাত বিশাৰদ উৰ্ত্তীণ হৈছিলোঁ। মই কল্পনা বিলাসী। সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ। ৰঞ্জু হাজৰিকা দেৱৰ ভৌতিক আৰু ৰহস্যমূলক কিতাপ সমূহ মই বহুত পঢ়িছোঁ। ইয়াৰ লগতে ৰীতা চৌধুৰী, মণিকুন্তলা ভট্টাচাৰ্য, যোগেশ দাস, অনুৰাধা শৰ্মা পুজাৰী আৰু বহুতো লেখকৰ কিতাপ মোৰ প্ৰিয়। এক কথাত কিতাপ পঢ়া মোৰ হবি। কাহিনী সৰুৰে পৰা লিখি আহিছোঁ যদিও সেয়া কাহানিও ক'তো প্ৰকাশ কৰা নাছিলোঁ। লাহে লাহে ফেচবুকত কিছুমান গ্ৰুপত দুই এটি লিখা দিয়া হ'লো। পঢ়ুৱৈ আকোৱালি ললে। এইখিনিয়ে সাহস মনত যোগালে। যদিও এতিয়ালৈকে নিজকে লেখিকা বুলি ক'ব পৰা হোৱা নাই তথাপি চৰ্চা অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ।
গ্ৰন্থ আকাৰে আজিলৈকে ছপা কৰি উলিওৱা নাই যদিও দুই এটি লেখা আলোচনীত প্ৰকাশ হৈ আহিছে। চাৰিবাৰ মান গল্প প্ৰতিযোগিতাত বিজয়ী হিচাপে নিজৰ নামটো দেখাৰ সৌভাগ্য হৈছে। মোৰ বাবে এয়াই সুখ।
মই নিজৰ অভিজ্ঞতাৰ পৰা কওঁ কিতাপৰ সমান বন্ধু কোনো হ’ব নোৱাৰে। এটি সময় আছিল মোৰ মনত কেৱল দুচিন্তা লগতে ক্ষোভ আছিল। আনৰ ওচৰত হাঁহি আছিলোঁ যদিও ভিতৰি দুৰ্বল হৈ পৰিছিলোঁ। মানুহৰ সংগৰ পৰা মই আতৰি আছিলোঁ। কিন্তু সেই সময়কণত মই কিতাপ পঢ়িছিলোঁ আৰু ফেচবুকত বিভিন্ন গোটত গল্প, ৰসকথা লিখি নিজকে ব্যস্ত কৰি ৰাখিছিলোঁ তাৰ লগতে আনৰ লেখা পঢ়ি শিকিছিলোঁ। মোৰ মন লাহে লাহে সবল হ’ল। আনকি মই নিজকে শিল ৰূপে গঢ়ি তুলিছিলোঁ যিয়ে আঘাত বোৰ অনায়াসে সহ্য কৰিব পৰা হৈছিলোঁ।
এটি আশা আছে নিজৰ নামটো বেটুপাতত চাবলৈ। সময় আছে যথেষ্ট তথাপি চেষ্টা কৰিম এই সপোন পূৰণ কৰিবলৈ। সেয়ে শিকি যাম। শিকিবলৈ বয়সৰ প্ৰয়োজন নাই। বৰ্তমান সময়ত মই এগৰাকী গৃহিনী। সন্তান এটিৰ লগতে ঘৰৰ কাম কাজ কৰাৰ পিছতো নিজলৈ অলপ সময় উলিয়াই লিখা মেলাৰ ওপৰিও মই ভালপোৱা কিছুমান কাম কৰোঁ। মুঠতে ব্যস্ততাৰ মাজেৰে সময় অতিবাহিত হয়।
এই চেগতে গ্ৰন্থ সুবাস গ্ৰুপক ধন্যবাদ জনালোঁ মোক এখন ইমান ধুনীয়া মঞ্চ দিয়াৰ বাবে য’ত মোৰ মনৰ মাজত চলি থকা কথাবোৰৰ লগতে কল্পনাৰে ভাৱ প্ৰকাশ কৰিবলৈ সুবিধা দিছে লগতে কিছুসংখ্যক মানুহৰ মাজত মোৰ নামটো চিনাকি হৈছে।
ধন্যবাদ।🙏
