
❤️🌹❤️’স্বৰ্গ মৰ্ত্য পাতাল’ৰ এটি ঝলক❤️🌹❤️
“১৯৯৩-৯৪ চনতে যোৰহাট গ্ৰন্থমেলাত প্ৰকাশিত হৈছিল৷
যিসকলে পঢ়িছিল তেওঁলোক আজি মাক দেউতাক হ’ল৷
এতিয়া পুত্ৰ কন্যাই পঢ়িছে৷’ বিপ্লৱ চাংমাইৰ কথা৷”
….চিৰিয়েদি উঠি গৈ শেষ ঢাপটোত ভৰি দিয়ে উচপ খাই উঠিল মৰিয়ম।
অস্ফুট শব্দৰে তাইৰ মুখৰ পৰা ওলাই গ’লঃ আলেক্স!
প্রথম দেখাতেই ভদ্র সমাজৰ অনুপযুক্ত মুখখনৰ গৰাকীয়ে মৰিয়মলৈ চাই দুগুণ আচৰিতভাৱে যেন সুধিলে- মৰিয়ম!
তই?
মৰিয়মে তাৰ কথাৰ একো প্ৰত্যুত্তৰ নিদি ক’লে- কি হ’ল, বাট বন্ধ কৰি থিয় হৈ আছ যে?
খুক খুককৈ হাঁহিলে আলেক্সেঃ(অশ্লীল) দিন বে দিন তোৰ বয়স দেখোন কমিহে গৈছে মৰিয়ম।
সৰু ল’ৰাই টফী খাই ওঁঠ দুটা চেলেকাৰ দৰেই চেলেকিলে আলেক্সে।
তাৰপিছত বাটটো এৰি দি ক’লে- পি এমক বিচাৰি আহিলি নেকি?
:ক’ত সি এতিয়া?
:চাল্লা। সদায় তোৰ পি এমৰ লগতে কাম। আলেক্সকো পুচ না এবাৰ। সি চোবাই চোবাই কথা কেইটা ক’লে।
:চা আলেক্স। ধেমালি বাদ দে। পি এমৰ লগত মোৰ কাম আছে৷
: ধুৰ, গুলী মাৰ তোৰ কাম। আজি দিনটো এনজয় কৰো না বল। আলেক্সে যেন কাকুতি-মিনতি কৰিলে।
: এনজয় কৰিবলৈ বহু সময় পাবি। প্রথমে মোৰ কাম শেষ কৰি ল’বলৈ দে।
: সদায় তই কিবা বুদ্ধি উলিয়াই চেঙেলী মাছ পিচলাদি গুচি যাৱ। আলেক্সে ক’লে- আজি ৱেডাৰটো চা না, এনজয় কৰাৰ বাবে এনে দিন ক’ত পাবি…..
আলেক্সৰ কথা শেষ নহ’ল।
হঠাৎ চুলি মেলি, বিশৃংখল কাপোৰ-কানিৰে মহাকালীৰ মূৰ্তি ধৰি বাৰান্দাখনৰ সিমূৰৰ পৰা দৌৰি অহা মধ্যবাসী মানুহ এজনীয়ে অশ্লীলভাৱে গালি পাৰিবলৈ ধৰিলে আলেক্সক- ঐ চালা কুত্তাৰ বাচ্ছা, নগলিনে ইয়াৰ পৰা।
আজি তহঁত দুইটাক দুছেও কৰিম। দুনীয়াৰ তিৰিৰে তোৰ হেঁপাহ নপলালে, চালা, মোৰ বোৱাৰীক কি কৰিলি? তোৰ কিহৰ হলি-গলি।
মোৰ ল’ৰাক ওলাই আহিবলৈ দে। দাত ধাৰ দি থৈছো মই। দুয়োটাকে খতম কৰিব সি।
এক ভয়ানক অৱস্থাৰ সৃষ্টি কৰি মানুহজনীয়ে উন্মাদৰ দৰে দৌৰি আহি আলেক্সৰ জেকেটটোত খামোচ মাৰি, তাৰ নিচিনা প্রকাণ্ড মানুহটোক ঘটালি-ঘটালি একেবোৰ গালিকে বর্ষণ কৰিবলৈ ধৰিলে।
মৰিয়মৰ সন্মুখত অপ্রস্তুত অৱস্থাত পৰা আলেক্স মুহূৰ্তমানৰ বাবে তভক খাই ৰ’ল যদিও পিছমুহূৰ্ততে তাৰ এপাহ পূৰ্ণহতীয়া চৰ আহি পৰিলহি মানুহজনীৰ গালত। আলেক্সৰ নিচিনা প্রকাণ্ড, হৃষ্টপুষ্ট, ব্যায়ামপুষ্ট মানুহৰ হাতৰ চৰ খাই মানুহজনী কেঁকুৰি গ’ল আৰু ঠাইতে বহি পৰি হুকহুককৈ কান্দিবলৈ ধৰিলে।
ঘটনাটো দেখি এক তিগ্রমান্তি খঙত কঁপি উঠিল মৰিয়ম। চাই আলেক্সক এক ঠেলা মাৰি চিৰিটোৰ ফালে গতিয়াই গুজৰি উঠিল-আলেক্স, তই মানুহ নহয়। পশুতকৈও অধম। আঁতৰি যা মুহূৰ্ততে।
আলেক্সে এবাৰ মৰিয়মলৈ আৰু এবাৰ মানুহজনীলৈ চাই সুৰসুৰকৈ চিৰিয়েদি নামি গ’ল। মৰিয়মে ফেঁকুৰি-ফেঁকুৰি কন্দা মানুহজনীক আলফুলকৈ ধৰি বাৰান্দৰ এচুকত থকা পুৰণি বেতৰ চ’ফাখনৰ এটা অংশত বহুৱাই দি অন্য অংশত নিজেই বহি লৈ মানুহজনীক ক’লে-নাকান্দিব আই।
আপোনাৰ নিচিনা এগৰাকী বয়োজ্যেষ্ঠ মানুহৰ গাত হাত তোলাৰ উচিত প্ৰত্যুত্তৰ পাব সি। মানুহজনীয়ে আকৌ এসোতা কান্দি ল’লে। মৰিয়মে মানুহজনীৰ চাদৰৰ আঁচলেৰে চকুপানীখিনি মোহাৰি দিলে।
মানুহজনীয়ে ক’লে- তুমি আইজনী কোন মই নাজানো। কিন্তু আজি এযুগৰ পিছতহে মই এনেদৰে কাৰোবাৰ মৰমী হাতৰ স্পৰ্শ পাইছো।
: পৰিতোষ ক’ত মা? মৰিয়মে সুধিলে।
: সি জেলত। তিনিবছৰ জেল খাটি ওলাই আহিছিলহে। বৃদ্ধাই ক’লে- এই নৰাধমটোৱে তাক আকৌ ফচাই দিলে। তাক জেলৰ পৰা মোকলাবলৈ কর্ট লৈ যাব লাগিব বুলি মোৰ বোৱাৰীজনীক নি সি তাইৰ সর্বস্ব লুটিলে।
কেইটামান মুহূৰ্তৰ বাবে মৰিয়মৰ ডিঙিটো শুকান শুকান লাগি গল৷ বহুসময় যেন একো কথা ক’ব নোৱাৰা হৈ ৰ’ল। তাৰপিছত সুধিলে- তাই কত?
: তাৰেই হাৰেমত। বুঢ়ীয়ে আকৌ এবাৰ চকুলো টুকিলে- নাতি দুটাক লৈ মোৰ দিন নাযায় নুপুৱায়।
: মই ইয়াৰ কিবা এটা ব্যৱস্থা কৰিম। মৰিয়মে ক’লে।
হঠাৎ মানুহগৰাকী ব্যস্ত সমস্ত হৈ পৰি সুধিলে- তুমি কোন আইজনী? কাক বিচাৰি আহিছা?
: মই পৰিতোষকে বিচাৰি আহিছিলো।
: তাৰ নিচিনা অলগৰ্দ্ধ এটাৰ লগত তোমাৰ নিচিনা ভাল ছোৱালীৰ কি কাম?
: ভাল ছোৱালী? নিজকে নিজে প্রশ্নটো সুধি মৰিয়মে হাঁহিলে অকণমান। তাৰপিছত ক’লে- অসমৰ মানুহ এজনক আজি দুবছৰমানৰ আগেয়ে আনি ইয়াত ৰাখিছিল যে তেওঁৰ খবৰ লাগে।
মানুহগৰাকীয়ে সেহাই উঠিল- হায়ৰে, তেওঁৰ ছোৱালী তুমি।
মৰিয়মে ক’লে- তেওঁৰ খবৰ লাগে মোক।
: কি আছিল নামতো- কিবা দত্ত! মানুহগৰাকীয়ে মনত পেলাবলৈ চেষ্টা কৰিলে।
: নহয়। গোস্বামী। নিৰোদ গোস্বামী।
: হ’ব পাৰে। কিন্তু ধুনীয়া মানুহটো পগলা আছিল। অনবৰতে টোপনিৰ ইনজেকচ্যন দি ৰাখিছিল। তলৰ মহলাত আছিল। মইতো নাজানিছিলো।
দুমাহৰমানৰ পিছতহে জানিব পাৰিলো, পৰিতোষক হেনো সি লাখ টকা দিবলৈ বাকী আছিল।
: পৰিতোষক? লাখ টকা? স্বৰ্গতোক্তি কৰিলে যেন মৰিয়মে৷
: এদিন পুলিচ আৰু ডাক্তৰ আহি লৈ গ’ল। বছৰ হৈ গ’ল।
: পুলিচ আৰু ডাক্তৰ? সুধিলে মৰিয়মে।
মানুহগৰাকীয়ে মূৰ দুপিয়ালে।
: মিছা কথা। কোনো পুলিচ বা ডাক্তৰে নিয়া নাই। সেয়া সিহঁতৰে চাল৷
: সেই কেচতে মোৰ পোনা জেলত সোমাল নেকি?
: নাজানো৷ হয়তো নহয়৷ কিয়নো সেই কেছত তাৰ জেল নহয়৷ ফাচী হব৷
: ফাচী হ’ব? অবাক মানুহজনীক তাতে এৰি মৰিয়ম থিয় হ’ল আৰু মূৰত হাত দি নিজকে যেন কলে- শুকান বালি আৰু পানী চটিয়াই তিয়াব নোৱাৰি। তোমাৰে দুৰ্ভাগ্য আই। সকলো নেদেখাজনৰ ওপৰত। মৰিয়মে মানুহজনীৰ কাষতে পাঁচশটকীয়া নোট এখন এৰি ক’লে- নাতিদুটাক কিবা এটা কিনি দিব।
মানুহজনীক তাতে এৰি ক্ষিপ্ৰগতিত মৰিয়ম নামি আহিল তললৈ। চিৰিয়েদি নামি আহি আকৌ এবাৰ অবাক হ’ল মৰিয়ম।
চিৰিশাৰীয়েদি নামি আহি যিখিনিত গ্রাউণ্ড ফ্ল’ৰ পাইছেহি সেই ঠাইখিনি দিনতে কিছু আন্ধাৰ আৰু চেঁচুক। সেই শীতল অংশটোতে তেতিয়াও থিয় দি আছিল আলেক্স। তাইৰ আলেক্সৰ ওপৰত চকু পৰাৰ লগে লগেই তাইৰ শৰীৰৰ শিৰা উপশিৰাবোৰ কঠিন হৈ গ’ল। মৰিয়মে ভালদৰেই কুংফু-কেৰাটে জানে। সি যদি তাইক অপকাৰ কৰিবলৈকে তেনেদৰে ৰৈ আছে তেন্তে তাইৰ বিদ্যা কামত খটুওৱাৰ বাদে আৰু উপায় নাথাকিব।
কিন্তু তাইৰ আশংকা অমূলক পৰিণত কৰি সুৰসুৰকৈ আলেক্স আহি তাইৰ ওচৰত ৰৈ ক’লে- মানুহজনীৰ কথা বিশ্বাস নকৰিবি মৰিয়ম। তাই পাগল।
: দুনীয়াৰ চব পাগল। মাত্র নহয় তই। সেয়েতো?
: বিশ্বাস কৰ, পৰিতোষৰ ঘৈণীয়েকে মোক ভাল পায়। সি ড্রাগচ-এডিক্টটোৱে কি সুখ দিব পাৰিব তাইক?
: অ, সেইবাবে তই লৈ গলি? সুখ দিবলৈ?
: বিশ্বাস কৰ, তাই নিজেই মোলৈ আহিল। চব প্লেন তাইৰ।
: তই ধোৱা তুলসী পাত।
হঠাৎ আলেক্সে পকী ৱালত নিজৰ মূৰটোকে এখুন্দা মাৰি ক’লে- এই দুনীয়া কি ঝনজট! জেলতে ভাল আছিল। এই দুনীয়াত সঁচা কথা মানুহে বিশ্বাস নকৰে।
মৰিয়মে আলেক্সক তাতে এৰি গুচি আহিব খুজিছিল যদিও আলেক্স তাইৰ পিচে পিচে আহি ক’লে- কি হ’ল, অসমৰ মানুহটোৰ খবৰ লৈ নাযাৱ নেকি?
মৰিয়ম ৰৈ গ’ল।
পিচৰখিনি লেখকৰ কিতাপত পঢ়িব৷
