💐💐যোগ হ’ল এনে এটা পদ্ধতি যাৰ দ্বাৰা এজন ব্যক্তিৰ আভ্যন্তৰীণ ক্ষমতাসমূহক সামঞ্জস্যভাৱে বিকাশ ঘটাব পৰা যায়। 💐💐

ইয়াৰ দ্বাৰা সম্পূৰ্ণ আত্ম উপলব্ধি অৰ্জন কৰিব পৰা যায়। সংস্কৃত শব্দ য়োগাৰ অৰ্থ হ’ল ‘ইওকে’ অৰ্থাৎ স্বীকাৰ কৰা।

সেয়েহে যোগৰ অৰ্থ এনেদৰেও বুজিব পাৰি যে কোনো এক আত্মাৰ লগত ভগৱানৰ আত্মাৰ মিলন হোৱা।

মহাঋষি পতঞ্জলিৰ মতে মনৰ চঞ্চলতা দমাই ৰখাটোৱে হৈছে যোগ।

যোগ হ’ল বিশ্বজনীন বাস্তৱিক নিয়মানুবৰ্তিতা
সংস্কৃতি, ৰাষ্ট্ৰীয়তা, জনগোষ্ঠী, জাত-পাত, মতবাদ, লিংগ, বয়স আৰু শাৰিৰীক অৱস্থাৰ ভিন্নতা নিৰ্বিশেষে অভ্যাস আৰু প্ৰয়োগৰ বাবে যোগ হ’ল এক বিশ্বজনীন ব্যৱস্থা।

পুথি পঢ়ি বা সন্যাসীৰ পোছাক পৰিধান কৰি কোনো লোকেই প্ৰতিষ্ঠিত যোগী হ’ব নোৱাৰে।

নিয়মীয়া অভ্যাস নাথাকিলে কোনো ব্যক্তিয়ে যোগৰ কৌশলসমূহৰ উপকাৰীতা বা অন্তৰ্নিহিত সম্ভাৱনাসমূহ বুজি পাব নোৱাৰে।

নিয়মীয়া অভ্যাস (সাধনা) আৰু শৰীৰ আৰু মনৰ এটা নক্সা প্ৰস্তুত কৰিব পাৰিলেহে বাস্তৱিক উন্নতি সাধিব পাৰি।

💐💐💐সমগ্ৰ চেতনাসমূহক কেন্দ্ৰীভূত কৰাৰ যোগেৰে শীৰ্ষতম চেতনা উপলব্ধি কৰিবলৈ অভ্যাসকাৰীসকলৰ অতি তীব্ৰ ইচ্ছাশক্তিৰ প্ৰয়োজন হয়।💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *