
💐💐💐💐💐আসাম বন্ধু💐💐💐💐💐
প্ৰায় এশ পঁইসত্তৰ বছৰ পূৰ্বৰ পৰাই বিভিন্ন সংবাদ পত্ৰ আৰু কাকত-আলোচনীয়ে অসমীয়া সমাজ আৰু সাহিত্যক প্ৰভাৱিত কৰি আহিছে।
অসমীয়া আলোচনীৰ পথিকৃতস্বৰূপ ‘অৰুনোদই’ কাকত প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত ১৮৮৫ খ্ৰীষ্টাব্দত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘আসাম বন্ধু’ নামৰ মাহেকীয়া আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পাইছিল।
অসমীয়া ভাষাৰ প্ৰথম মাহেকীয়া সাহিত্য আলোচনীৰূপে স্বীকৃত এই মূল্যৱান আলোচনীখনৰ সম্পূৰ্ণ চৈধ্যটা সংখ্যা গ্ৰন্থাকাৰে সংকলন আৰু সম্পাদনা কৰি উলিয়াইছে ড°নগেন শইকীয়াই।
অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য ২০০টকা।
