🌹🌹🌹মোৰ হৃদয়ৰ এমুঠি কবিতা🌹🌹🌹

✍️❤️অবিনাশ বৰা

নৱ-প্ৰজন্মৰ উদীয়মান কবি, প্ৰবন্ধকাৰ, গল্পকাৰ অবিনাশ বৰাৰ পিতৃ খগেশ্বৰ বৰা আৰু মাতৃ দিনেশ্বৰী বৰা।

২০০৮ চনৰ ২৪ এপ্ৰিলৰ দিনা গোলাঘাট জিলাৰ অন্তৰ্গত কাছমাৰীৰ চৰাইমাৰী ন-মাটি গাঁৱত তেখেতৰ জন্ম।

পিতৃ-মাতৃৰ জ্যেষ্ঠ পুত্র অবিনাশ বৰাই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সফলতাৰে সমাপ্ত কৰি ২০২২ চনত কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে।

তেওঁ কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰোঁতে তেওঁৰ ঠেঙাল উপাধিৰ ঠাইত বৰা লিখিবলৈ লয়।

তেওঁ ২০২৪ চনত কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ত নামভৰ্তি কৰে।

বৰ্তমান দ্বাদশ শ্ৰেণীৰ ছাত্ৰ অবিনাশ বৰাই অধ্যয়নৰ লগতে সাহিত্য-সংস্কৃতিৰ সেউজ পথাৰখন চিৰসেউজ কৰাৰ জয়যাত্ৰাত নিজকে আত্মনিয়োগ কৰি আহিছে।

জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে সকলোৰে প্ৰতি সমভাৱসম্পন্ন ব্যক্তি অবিনাশ বৰাই ১৪ বছৰমান বয়সৰে পৰা কবিতা, গল্প, উপন্যাস, অণুগল্প আদিৰ প্ৰতি আকৃষ্ট হৈ নিজে লিখিবলৈ চেষ্টা কৰিছিল।

তেওঁৰ বহুতো কবিতা, প্রবন্ধ, ইতিমধ্যে বিভিন্ন বাতৰি- কাকত, আলোচনী আদিত প্ৰকাশিত হৈছে। আনহাতে নবীন লেখক বৰাই ‘অবিনাশী’ নামৰ এখন পষেকীয়া ই-আলোচনী প্ৰতিষ্ঠা কৰি মুখ্য সম্পাদক হিচাপে পৰিচালনা কৰি অসমীয়া ভাষা-সাহিত্যৰ বিকাশ সাধন কৰিছে।

তেখেতৰ প্ৰথমখন কাব্য গ্রন্থ ‘মোৰ হৃদয়ৰ এমুঠি কবিতা’।

কবিগৰাকীৰ অনুভৱ সমূহ পঢ়ুৱৈ সমাজে আদৰি ল’লে তেখেতৰ লগতে আমাৰো শ্ৰম সাৰ্থক হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *