
🌹🌹🌹🌹শঙ্কৰী সংস্কৃতি আৰু দৰ্শন🌹🌹🌹🌹
✍️❤️ড° সঞ্জীৱ কুমাৰ বৰকাকতী
শংকৰী সংস্কৃতি অবিহনে অসমীয়া জাতিৰ, অসমীয়া সংস্কৃতিৰ কোনো অস্তিত্ব নাই।
সেই কথাটো নুবুজা কিছুমান অপৰিপক্ক বামপন্থী লেখকে শ্রীমন্ত শংকৰদেৱক ‘জনজাতিবিৰোধী’ আখ্যা দি বহুকাল অপপ্ৰচাৰ চলালে।
তাৰ ফলত আমাৰ বহুতো জনগোষ্ঠীৰ মাজত অবিশ্বাসৰ ভাব সৃষ্টি হ’ল আৰু ক্ৰমান্বয়ে আন্তঃজনগোষ্ঠীয় সম্প্রীতি ধূলিসাৎ হৈ গ’ল।
শ্ৰীমন্ত শংকৰদেৱেই ভাৰতৰ একমাত্ৰ ধৰ্মগুৰু,যিজনে আর্যভিন্ন গোটসমূহৰ সংস্কৃতিক সম্পূর্ণ সন্মান যাঁচিছিল।
তেনে এজন মহাপুৰুষৰ বিৰুদ্ধে অসত্য কথা প্ৰচাৰ কৰি অসমৰ বামপন্থী লেখকসকলে আমাৰ জাতিটোকে থান-বান কৰি পেলালে; কিন্তু আমি হতাশ হ’ব নালাগিব।
গুৰুজনাই দেখুৱাই থৈ যোৱা বাট অনুসৰণ কৰি আমি অসমীয়া জাতিটো পুনৰ গঢ়ি তুলিব লাগিব; তেতিয়াহে আমি গুৰুঋণ পৰিশোধ কৰা হ’ব।
❤️❤️❤️❤️শঙ্কৰী সংস্কৃতি আৰু দৰ্শন❤️❤️❤️❤️
