
❤️❤️❤️আলফা: সেউজীয়া সপোন তেজৰঙা ইতিহাস❤️❤️❤️
✍️🌹🌹🌹মনোজ কুমাৰ নাথ
অসম আন্দোলনে চুই গৈছিল আমাৰ কৈশোৰ।
আলফাৰ উত্থানে ৰোমাঞ্চিত কৰিছিল যৌৱনৰ প্ৰথম পুৱা।
যোৱা শতিকাৰ আশী আৰু নবৈ দশকৰ এই দুটা ঘটনাই অসমৰ জনজীৱন সলনি কৰি দিছিল।
ঐতিহাসিক অসম আন্দোলনৰ কৰুণ পৰিসমাপ্তি আৰু আলফাৰ উত্থান-পতনৰ মাজেৰে সমাপ্ত হৈছিল এই দুই দশক।
এয়া আছিল জটিল সন্ধিক্ষণৰ সময়।
অসমৰ মানুহে ইয়াৰ পূৰ্বে কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল বিপ্লৱৰ এনে প্ৰচণ্ড উদ্গীৰণ।
দেখা পোৱা নাছিল মৃত্যুভয় নেওচি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ অদম্য আশা।
পৰবৰ্তী সময়ত সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰাৰ সূত্রে আলফাৰ উত্থান-পতন ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিলোঁ।
আলফা আমাৰ বাবে কেৱল গণবিচ্ছিন্ন উগ্রপন্থী সমস্যা নহয়।
অসমৰ জাতীয় চেতনা উদ্বেলিত কৰি তোলা এক বৈপ্লবিক উত্থান হিচাপেই আলফাৰ ইতিহাস হয়তো মূল্যাংকৃত হ’ব।
ইতিহাসৰ ছাত্ৰ আমি নহয়, কিন্তু ইতিহাস অধ্যয়নৰ প্ৰতি সদায় আগ্রহী।
‘আলফা : সেউজীয়া সপোন, তেজৰঙা ইতিহাস’ হ’ল সাংবাদিক হিচাপে আলফাৰ উত্থান-পতন লিপিবন্ধ কৰি ৰাখিব বিচৰাৰ এক সামান্য প্ৰয়াস।
এই গ্রন্থ আলফাৰ ইতিহাসৰ নিৰ্ভৰযোগ্য দলিল বুলি আমি দাবী নকৰোঁ।
গ্ৰন্থখনৰ তথ্যসমূহ বিভিন্ন কাকত-আলোচনীৰ সংবাদ, বিভিন্ন গ্রন্থ, ভালেকেইজন প্রাক্তন আলফা নেতা আৰু সংগ্ৰামখনৰ সৈতে পৰোক্ষ তথা নৈতিকভাৱে জড়িত ব্যক্তিৰ সৈতে হোৱা কথা-বতৰাৰ পৰা সংগ্ৰহ কৰা হৈছে।
ইয়াত ভুল থাকি যোৱাটো নিতান্তই স্বাভাৱিক।
আমাৰ যৌৱনৰ বহু সোণালী মুহূর্ত ৰোমাঞ্চিত কৰি ৰখা অসমৰ সমকালীন ইতিহাসৰ পৰিঘটনা এটাক লিপিবদ্ধ কৰিব বিচৰা এই প্রয়াস পঢ়ুৱৈয়ে আদৰি ল’লে আমাৰ পৰিশ্ৰম সাৰ্থক হ’ব।
মনোজ কুমাৰ নাথ
গুৱাহাটী
