🌹🌹🌹🌹🌹🌹হিংৰামীয়া-প্ৰ🌹🌹🌹🌹🌹🌹

❤️✍️নীলিম আকাশ কাশ্যপ

উপন্যাস এখনত পঢ়োঁতাই নিজক বিচাৰি পালেহে সেই উপন্যাসখনে পাঠকৰ মানসমণ্ডলত দীর্ঘস্থায়ীকৈ বিচৰণ কৰিব পাৰে।

এই কথা সাৰোগত কৰি বৰ্তমানৰ প্ৰজন্মই কমকৈ বাহিৰা অসমীয়া কিতাপ পঢ়ে বুলি সঘনাই উত্থাপিত অভিযোগ সন্দৰ্ভত মনে ধৰে যে প্ৰজন্মটোৱে নিজক বিচাৰি পোৱা উপন্যাস শেহতীয়াকৈ প্ৰকাশ নোপোৱাৰ লেখিয়া হোৱাটোও ইয়াৰ অন্যতম এক কাৰক ।

‘হিংৰামীয়া-প্ৰ’ত আজিৰ প্ৰজন্মৰ আৱেগ, অনুভূতি, স্বপ্ন, খোজ ইত্যাদিৰ সমান্তৰালভাৱে পূৰ্বৱৰ্তী প্ৰজন্মটোৰ মানসিকতাও প্ৰতিফলিত হৈছে।

দুটা প্ৰজন্মৰ মাজত তাহানিৰে পৰা পৰিলক্ষিত হৈ অহা মানসিক ব্যৱধান আঁতৰাই এখন সম্প্ৰীতিৰ সাঁকো সজাৰ স্বপ্নৰে সমৃদ্ধ উপন্যাসখন, যিখন সাঁকোৱে সমাজৰ হিত সাধিব পাৰে।

অনুভৱ কৰোঁ— প্রবীণসকলৰ বাদেও নতুন প্রজন্মই একান্তভাৱে নিজক বিচাৰি পাব ‘হিংৰামীয়া-প্ৰ’ত।

তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপে কাব্যিকতাৰ স্পৰ্শত নিমজ্জিত নিজস্ব গদ্যশৈলীৰে উপন্যাস ৰচনা কৰি খুব কম সময়তে পঢ়ুৱৈৰ মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

‘সোণৰ খাৰু কলিজাৰ ছাঁ’ৰ দৰে বহুল সমাদৃত উপন্যাসৰ স্ৰষ্টা কাশ্যপৰ কলমেৰে নিগৰা ষষ্ঠখন উপন্যাস ‘হিংৰামীয়া-প্র’।

Leave a Reply

Your email address will not be published. Required fields are marked *