কৃষ্ণচূড়াৰ দেশৰ অভিজ্ঞতা আৰু উপলব্ধিৰ উপন্যাসোপম বৰ্ণনাৰে এখন ব্যতিক্ৰমী আত্মজীৱনী

ড০ প্ৰবীণ চন্দ্ৰ দাসৰ
বসন্তৰ বাউলী বোকোচাত

দাম : ৩৫০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১

আজিয়েই সংগ্ৰহ কৰক

যৌৱনৰ সকলো স্বপ্ন আৰু সম্ভাৱনাৰ আধাৰস্বৰূপ এখন ঠাই। এখন পবিত্ৰ পীঠস্থান, জ্ঞানৰ মন্দিৰ। বিদ্যাৰ সাগৰ। তাৰুণ্যৰ কল্পনা আৰু স্বপ্নত যিয়ে গঢ় লয় ‘কৃষ্ণচূড়াৰ দেশ’ হিচাপে।

এই কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন অভিজ্ঞতাক উপন্যাসোপম ৰূপত ‘বাউলী বসন্তৰ বোকোচাত’ গ্ৰন্থত তুলি ধৰিছে সুলেখক, অধ্যাপক ড০ প্ৰবীণ চন্দ্ৰ দাসে।

অভিজাত আলোচনী গৰীয়সীৰ পাতত ছোৱা ছোৱাকৈ প্ৰকাশ হোৱা এই আত্মজীৱনীমূলক ৰচনাবোৰৰ প্ৰতি পঢ়ুৱৈৰ আগ্ৰহ আছিল অপৰিসীম।

নানা ঘটনা, নানা চৰিত্ৰ, নানা অভিজ্ঞতাই বৰ্ণময় ৰূপত এখন উপত্যকা ছানি ধৰা বনফুলবোৰৰ দৰেই এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাক বিশেষ কৰি তুলিছে।

ড০ দাসৰ আত্মকথামূলক ৰচনাৰ এই সংকলনখনে নিশ্চয়কৈ পঢ়ুৱৈক ব্যক্তিগত হৈও নৈৰ্ব্যক্তিক লেখা কিছুমানৰ অভিজ্ঞতা প্ৰদান কৰিব। আৰু যৌৱনৰ স্বপ্ন আৰু সম্ভাৱনাৰ উৰ্বৰ ভূমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনৰ পৰা মননলৈ বিশাল বিস্তৃতিকো নতুনকৈ উদ্ভাসিত কৰি তুলিব।

বিশ্ববিদ্যালয় গৰকি যোৱা সকলো পঢ়ুৱৈৰ লগতে আন সকলোৰে বাবে এই গ্ৰন্থৰ অধ্যয়ন হ’ব সুবাসিত বিস্ময়ৰ উপত্যকা এটা ভ্ৰমণ কৰি ফুৰাৰ দৰেই।

To order:
Flipkart: https://www.flipkart.com/basantar-baulee-bokocat/p/itm0f30fc1712a45?pid=9789390589470
Official Website: https://purbayonpublication.com/product/basantar-baulee-bokocat/
WhatsApp: 7099014581

Leave a Reply

Your email address will not be published. Required fields are marked *