
🪂🪂🪂সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী সাহিত্য :🪂🪂🪂
অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী সাহিত্য’ তেওঁৰ আটাইকেইখন প্ৰকাশিত জীৱনী গ্ৰন্থৰ সমষ্টি।
যি সময়ত সূৰ্য্যকুমাৰ ভূঞাই জীৱনী ৰচনাত হাত দিছিল সেই সময়ত ঔপনিৱেশিক শাসনৰ বিৰোধিতাত অসমত জাতীয় আন্দোলনে ব্যাপক আৰু বিস্তৃত ৰূপ লৈছিল।
সাহিত্যৰ ছাত্ৰ আৰু অধ্যাপক হ’লেও বুৰঞ্জী অধ্যয়ন আৰু গৱেষণাক তেওঁ সদায়ে আগস্থান দিছিল আৰু এয়াই আছিল ভূঞাৰ জীৱনী ৰচনাৰো প্ৰেৰণা তথা সমল।
তেওঁ লিখা জীৱনী গ্ৰন্থসমূহৰ উদ্দেশ্য আছিল স্বদেশৰ গৰিমাময় ঐতিহ্য-কীৰ্তিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে দেশবাসীৰ মনত দেশাত্মবোধ জগাই তোলা।
অন্যার্থত সাংস্কৃতিক জাতীয়তাবাদকো এই জীৱনীসমূহে প্রতিনিধিত্ব কৰিছিল।
ইতিহাস, ঐতিহ্য, সংস্কৃতি আদি বিভিন্ন দিশৰ পৰা ‘সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী সাহিত্য’ এখন উল্লেখযোগ্য গ্রন্থ ।
