
💐” পৃথিৱীৰ প্ৰতিজন পুৰুষকেই হয়তো শৈশৱতে শিকোৱা হয়—পুৰুষে নাকান্দে।
নিজকে পুৰুষ বুলি প্ৰতিপন্ন কৰিবলৈ সেয়ে চেপি ৰাখিব লগা হয় কান্দোন ।
কোনোৱে আজীৱন বুকুত বান্ধি লৈ ফুৰিব লগা হয় শিলৰ দৰে এক গধুৰ বোজা।
সীমাহীন যন্ত্ৰণাৰে চটফটাই থাকিও পেলাব নোৱাৰে এটোপাল চকুলো ।
কাৰণ এটাই——তেওঁলোক পুৰুষ” 💐
💐”প্ৰেম আৰু বন্ধুত্বৰ এক সুকীয়া অস্তিত্ব আছে মানুহৰ জীৱনত।
এটা কথা তুমি অনুভৱ কৰানে, প্ৰেমৰ যন্ত্ৰণাই অনা চকুলো মচি হাঁহিৰ পোহৰ দিবলৈকে পৃথিৱীত বন্ধুত্বৰ সৃষ্টি হৈছে।
💐💐💐💐ভালপোৱা:-মাইনী মহন্ত💐💐💐💐
