
💐‘ভাবনাৰ ওপৰে কি চৰাই উৰিলে
দেখোঁ ৰঙা ৰঙা ঠোঁট
কবিতা বগীতৰা সোণৰ গিলিপ মৰা
কপালত সেন্দূৰৰ ফোঁট…’💐
অসমীয়া কাব্যজগতৰ আটাইতকৈ ‘ষ্টাইলিষ্ট’ কবি
সৌৰভ শইকীয়াৰ–
‘শিমলু সাগৰ’
দাম : ১৪০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
সৌৰভ শইকীয়াৰ কবিতা মানেই এটা শিহৰণ, বিদ্যুৎসঞ্চাৰী আৱেগ আৰু অনুভৱৰ দ্ৰুতবেগ৷
বোধ আৰু অনুভৱৰ চমৎকাৰ সন্তুলন তথা ঈৰ্ষণীয়ভাৱে প্ৰৱহমান, তৰংগময় এটা ভাষা৷
অসমীয়া নতুন কবিতালৈ চমকপ্ৰদ পৰিৱৰ্তন আৰু প্ৰাণ চাঞ্চল্য কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কবিগৰাকীৰ কবিতাই অসমীয়া নতুন কবিতাৰ জুৰিটোলৈ বসন্তৰ উচ্ছল সোঁতহে যেন কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷
‘শিমলু সাগৰ’ সৌৰভ শইকীয়াৰ প্ৰথম কাব্য সংকলন৷
প্ৰখৰ ৰঙা ৰং, পৰিৱৰ্তনৰ জ্যোতিৰ উত্তাপত গা পখালি ভৰ যৌৱনা হৈ পৰা এই কবিতাবোৰে প্ৰকাশ কালতেই তুমুল আলোড়ন তুলি দিছিল বৌদ্ধিক মহলত৷ কাব্যগ্ৰন্থখনৰ প্ৰতি পঢ়ুৱৈৰ সঁহাৰি আছিল অভূতপূৰ্ব৷
কাহানিবাই এই সংকলনখনৰ বিক্ৰী শেষ হোৱাৰ পাছতো নতুন পঢ়ুৱৈৰ আগ্ৰহ হ্ৰাস হোৱা নাই৷
কবিৰ প্ৰথম পৰ্বৰ সৃষ্টিৰ লগত আজিৰ প্ৰজন্মৰ সেতুবন্ধন হওক, নৱজাগৰণ হওক– তেনে ইচ্ছােৰই সমৃদ্ধ ফচল পূৰ্বায়ণৰ এই শেহতীয়া সংস্কৰণ৷
