সপোনৰ দলং আৰু মাজুলীৰ নাও দুৰ্ঘটনা

“মাজুলী সম্পৰ্কীয় যিমানবোৰ গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ হৈছে সেইবোৰৰ লেখক আৰু পাঠকৰ গৰিষ্ঠসংখ্যক মাজুলীয়াল বুলিয়েই আমাৰ মনে ধৰে।

মাজুলীৰ বাহিৰে-ভিতৰে থকা লেখক-সাহিত্যিকসকলৰ দৃষ্টিৰ বলয়ৰ পৰা আঁতৰি অসমৰ বিদ্বান সমাজে মাজুলীৰ যাতায়ত-যোগাযোগ , ঐতিহ্য-পৰম্পৰা, সাংস্কৃতিক বৈভৱ আদিক কি দৃষ্টিৰে লক্ষ্য কৰি আছে সেই কথাটো মাজুলীবাসীয়ে জনাটো খুবেই প্ৰয়োজন বুলি মনে ধৰে।

ইয়াৰ মাজতে নিমাতীৰ নাও দুৰ্ঘটনাৰ ভয়াবহ ছবিখনে অসমবাসীৰ মনোজগতত মাজুলীৰ প্ৰতি থকা দায়বদ্ধতা বাৰুকৈয়ে প্ৰকট কৰি তুলিলে ।”

৮ চেপ্তেম্বৰ ২০২১

আজিৰ পৰা কেইবছৰ মান আগতে এই দিনটোতে সংঘটিত হৈছিল অসম কঁপাই তোলা নিমাতীৰ নাও দুৰ্ঘটনা।

হেৰাই গৈছিল বিক্ৰমজিৎ বৰুৱা, ইন্দ্ৰেশ্বৰ বৰা আৰু পৰিমিতা দাস নামৰ তিনিটি সম্ভাৱনা।

নিমাতীৰ নাও দুৰ্ঘটনাৰ পৰৱৰ্তী দিনবোৰত বাতৰি কাকত আৰু সামাজিক মাধ্যম মাজুলীয়ালৰ কৰণীয় সম্পৰ্কে লগতে মাজুলীৰ সমস্যা সম্পৰ্কীয় বাতৰি , চৰকাৰৰ কৰ্তব্য তথা বিজ্ঞজনে চৰকাৰলৈ আগবঢ়োৱা দিহা-পৰামৰ্শৰে ভৰি পৰিল।

” ঘটনাবহুল, সমস্যাবহুল, সমাজৰ পোতাপিটনিত আবেগৰ ধোঁৱা হৈ বিদ্বৎ তথা সচেতন সমাজৰ নিমাতীৰ নাও দুৰ্ঘটনাৰ আলম লৈ উদ্গীৰণ হোৱা মাজুলী সম্পৰ্কীয় চিন্তা-চেতনাখিনি যাতে হেৰাই নাযায় তাৰে বিনম্ৰ প্ৰয়াস — ‘সপোনৰ দলং আৰু মাজুলীৰ নাও দুৰ্ঘটনা’।

ড° হীৰেন গোহাঁই, অনিল বৰুৱা, ড° পীতাম্বৰ দেৱগোস্বামী, হীৰেন গগৈ, লোকনাথ গোস্বামী, ড° বসন্ত কুমাৰ শৰ্মা, অনুৰাধা শৰ্মা পূজাৰী, ময়ূৰ বৰা, ৰাস্না পালককে ধৰি দুকুৰি সোতৰজন ব্যক্তিৰ মাজুলী কেন্দ্ৰিক চিন্তা -চৰ্চাৰ একত্ৰ সংকলনখনিৰ সম্পাদক গোবিন কুমাৰ খাউণ্ড আৰু জগত বৰা।

প্ৰকাশক তিনিচুকীয়াৰ ‘জয়ন্তী প্ৰকাশন’।

প্ৰথম প্ৰকাশ ডিচেম্বৰ ২০২১

মূল্য ৩০০ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *