
💐💐💐অসমীয়া ভাষাত মহাভাৰতৰ অৰ্জুন চৰিত্ৰটোক লৈ ৰচিত একমাত্ৰ জীৱনভিত্তিক উপন্যাস ‘মই অৰ্জুন’।💐💐💐
প্ৰকাশক অসম বুক ডিপো, পাণবজাৰ।
পৃষ্ঠাৰ সংখ্যা ৬৭৬
মূল্য ৪০০ টকা।
অৰ্জুন হ’ল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ।
পঞ্চ-পাণ্ডৱৰ তৃতীয়জন অৰ্জুন।
অৰ্জুনৰ পিতৃৰ নাম পাণ্ডু আৰু মাতৃৰ নাম কুন্তী।
মহাভাৰতীয় সাহিত্যত অৰ্জুনক অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধা হিচাপে দাঙি ধৰা হৈছে।
শ্ৰী কৃষ্ণক ৰথৰ সাৰথি হিচাপে লৈ তেওঁ কৌৰৱৰ বিৰুদ্ধে মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ জয়ত মুখ্য ভূমিকা লৈছিল।
অৰ্জুন আছিল দেৱৰাজ ইন্দ্ৰৰ মানস সন্তান।
গুৰু দ্ৰোণাচাৰ্য্যৰ তত্ত্বাৱধানত অৰ্জুনে বিশেষভাৱে শিক্ষাগ্ৰহণৰ সুবিধা পাইছিল আচাৰ্য্যপুত্ৰ অশ্বত্থামাৰ লগত।
সেয়েহে তেওঁ আন ৰাজকুমাৰ সকলোতকৈ বেছি আগুৱাই যোৱাৰ পথ প্ৰশস্ত হৈছিল।
পৰৱৰ্তী সময়ত এই বিদ্যাৰ সদ্ব্যৱহাৰ কৰি অৰ্জুনে নিজকে বিশ্বপ্ৰসিদ্ধ ধনুৰ্দ্ধৰ যোদ্ধা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল।
অৰ্জুন এজন অতিমহাৰথী আছিল যি অকলে ১২জন মহাৰথীৰ সমান।

