কিতাপঃ অসমীয়া ভাষাৰ ছেৰা শব্দ কেতবোৰ

লেখকঃ ড০ ভুৱনেশ্বৰ চহৰীয়া

প্ৰকাশকঃ মণিকূট

মূল্যঃ ১০০.০০ (এশ) টকা

আমি যিবোৰ শব্দ ব্যৱহাৰ কৰি থাকোঁ তাৰ কিছুমান কালৰ বুকুত হেৰাই যোৱাটো এটা স্বাভাৱিক পৰিঘটনা।

এনেকুৱা বহুত শব্দ অভিধানত বিচাৰি পোৱা যায় যিবোৰৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমি আহি এটা সময়ত একেবাৰে নাইকিয়া হৈ যোৱাৰ উপক্ৰম ঘটে।

অভিধানত এনেকুৱা বহুত শব্দ আছে যিবোৰ সাম্প্ৰতিক কালৰ লেখক-লেখিকাৰ কলমৰ পৰা একেবাৰে নোলায় বা কাচিৎহে ওলায়।

তদুপৰি সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাষা একোটালৈ কিছুমান নতুন শব্দৰ আগমন ঘটি থাকে— সেয়া কথিত ৰূপতেই হওক বা লিখিত ৰূপতেই হওক।

শব্দৰ এই আগমন-নিৰ্গমনৰ ফলস্বৰূপে ভাষা একোটাৰো ৰূপ সলনি হ’ব ধৰে।

গতিকে কোনোবা একালত লিখা কথা এষাৰ পৰৱৰ্তী কালৰ লোকৰ বাবে বোধগম্য নোহোৱাটো একো অস্বাভাৱিক কথা নহয়।

আমাৰ অসমীয়া ভাষাতো এনেকুৱা শব্দৰ আগমন-নিৰ্গমন ঘটিছে। অসমীয়া অভিধান এখনৰ নতুন সংস্কৰণ এটাত চকু ফুৰালে এনেকুৱা বহুত শব্দ পোৱা যায় যিবোৰ আমি লিখিত ৰূপতেই হওক বা কথিত ৰূপতেই হওক ব্যৱহাৰ কৰিবলৈ এৰিছোঁ।

নতুন প্ৰজন্মৰ লেখক-লেখিকাসকলে এই শব্দবোৰ পাৰ্যমানে ব্যৱহাৰ কৰি শব্দবোৰক যথাযোগ্য মৰ্যাদা প্ৰদান কৰাৰ উপৰিও সেইবোৰ হেৰাই যোৱাৰপৰা ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিব পাৰে।

ছেৰা বুলি ক’লে এৰি যোৱা, বা শস্য উঠাই নিয়াৰ পাছত পথাৰত ৰৈ যোৱা বুজোৱা হয় আৰু ছেৰা বোটলা বুলিলে শস্য উঠোৱাৰ পাছত পথাৰত ৰৈ যোৱা শস্য তোলা, লেছেৰি বোটলা বা ভাল ভাগ নি বেয়া বুলি এৰি থৈ যোৱা অংশ বোটলা বা নিজৰ কৰি লোৱা বুজোৱা হয়।

এই কিতাপখনৰ যোগেদি শ্ৰদ্ধাৰ লেখক গৰাকীয়ে ইয়াত ছেৰা বোটলা কামটো কৰাৰ বিনম্ৰ প্ৰয়াস কৰিছে।

“অসমীয়া ভাষাৰ ছেৰা শব্দ কেতবোৰ” কিতাপখন সকলোৰে বাবে,বিশেষকৈ নতুন প্ৰজন্মৰ লেখক-লেখিকাসকলৰ বাবে আৰু বেছি সহায়ক হ’ব।

কিতাপখন পাণবজাৰ আৰু অসমৰ বিভিন্ন ঠাইৰ বিপণীত উপলব্ধ হোৱাৰ উপৰিও ডাকযোগেও পঠোৱাৰ ব্যৱস্থা আছে।

আগ্ৰহী পঢ়ুৱৈয়ে এই নম্বৰত যোগাযোগ কৰিব পাৰে―8638960116

ইয়াৰ উপৰিও আমাজন আৰু ফ্লিপকাৰ্ট যোগেও সংগ্ৰহ কৰিব পাৰিব।

মণিকূট প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *