
🌹❤️🌹❤️🌹❤️🌹মুখবন্ধ❤️🌹❤️🌹❤️🌹
দিলীপ চন্দন এজন প্রতিভাশালী লেখক আৰু সাংবাদিক।
কিন্তু মই সদায় এটা কথা অনুভব কৰোঁ যে প্ৰতিভাৰ অনুপাতে তেওঁ যিমান লিখিব লাগিছিল সিমান তেওঁ লিখা নাই।
অসমীয়া গল্প আৰু উপন্যাসত বিষয়-বৈচিত্র আগৰ তুলনাত বহুখিনি বাঢ়িছে।
তথাপি আধুনিক সমাজ আৰু জীৱনক আলোড়িত কৰি ৰখা বহুতো নতুন বিষয়বস্তুৱে এতিয়াও অসমীয়া উপন্যাসত লক্ষণীয়ভাৱে প্ৰবেশ কৰা নাই।
উদাহৰণ স্বৰূপে সাংবাদিকতাৰ কথা উল্লেখ কৰিব পাৰি।
সাংবাদিকতাক বিষয়বস্তু হিচাপে লৈ লিখা জেফ্রে আচাৰৰ The Fourth Estate নামৰ উপন্যাসখন যিয়েই পঢ়িছে তেৱেঁই এই কথা জানে যে বাতৰি কাকতৰ মাজত হোৱা প্ৰতিযোগিতাক কেন্দ্ৰ কৰি লিখিত উপন্যাসো ৰাজনৈতিক বা অপৰাধমূলক থ্রীলাৰৰ দৰেই শ্বাসৰূদ্ধকাৰী আৰু চাঞ্চল্যকৰ হ’ব পাৰে লগতে সি হব পাৰে আধুনিক সমাজৰ এখন দাপোণ ।
যোৱা কেইবছৰমানত অসমত বাতৰি কাকতৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়িছে।
সেই অনুপাতে বাঢ়িছে সাংবাদিকৰ সংখ্যা আৰু সামাজিক জীৱনত তেওঁলোকৰ গুৰুত্ব।
তাৰ লগে লগে সাংবাদিকতা-কেন্দ্রিক সমস্যাও নিশ্চয় বাঢ়িছে।
বহুদিন ধৰি মই মনে মনে ভাবি আছিলোঁ যে অসমৰ সাংবাদিকতাক লৈ এখন উপন্যাস লেখাৰ অনুকুল পৰিবেশ আৰু সময় উপস্থিত হৈছে।
কিন্তু কোনে লিখিব এনে এখন উপন্যাস?
উপন্যাস লিখিবৰ জোখাৰে উপযুক্ত সাহিত্যিক প্ৰতিভা আৰু সাংবাদিক অভিজ্ঞতা কোনকেইজন অসমীয়া লোকৰ আছে?
এই প্রশ্নৰ উত্তৰ বিচাৰিলেই যিজন লেখকৰ নাম সৰ্বপ্ৰথমে মোৰ মনলৈ আহে তেওঁ হ’ল দিলীপ চন্দন ৷
তিনিবছৰমানৰ আগতে দুয়ো এদিন বৰপেটালৈ নিজৰ নিজৰ কামত যাওঁতে ঘটনাক্রমে একেটা টুৰিষ্ট লজতে থাকিব লগা হ’ল। দীঘলীয়াকৈ কথা পাতিবলৈ বহুত দিনৰ মূৰত সুযোগ পাই এবাৰ কথাৰ মাজতে মই দিলীপক ক’লোঁ— “তুমি বহুদিন ধৰি উল্লেখযোগ্য একো লিখা নাই ।
নিজৰ প্ৰতিভাৰ অনুপাতেও বিশেষ একো লিখা নাই । অসমৰ সাংবাদিকতাক বিষয় হিচাপে লৈ তুমি এখন উপন্যাস লিখা।
এই কামৰ কাৰণে তুমিয়েই আটাইতকৈ উপযুক্ত মানুহ।’
আমাৰ সেই কথা-বতৰাৰ ফলশ্ৰুতি হ’ল দিলীপ চন্দনৰ উপন্যাস ‘চিৰিয়াখানাৰ বেহেলা’।
উপন্যাসখনৰ বিষয়ে কিবা মন্তব্য দি মই পাঠকৰ বিচাৰ-ধাৰাক প্ৰভাৱিত কৰিব নোখোজোঁ।
কিন্তু মোৰ ফালৰ পৰা ক’ব খোজোঁ যে তেওঁৰ এই উপন্যাসখন ৰমণীয় আৰু সুখপাঠ্য হোৱাৰ উপৰি সি হৈছে সমসাময়িক অসমীয়া জীৱনৰ এখন গুৰুত্বপূৰ্ণ দলিল আৰু এক বিচিত্র চিত্রশালা ।
✍️❤️❤️ হোমেন বৰগোহাঞি।

