
❤️❤️❤️মানৱ অধিকাৰ এখনি আদি গ্রন্থ❤️❤️❤️
মানৱ অধিকাৰ সম্পৰ্কীয় শিক্ষাদানৰ ব্যৱস্থাটো ইতিমধ্যে এই অধিকাৰবোৰৰ সমসাময়িক ধাৰণাটো সকলোৰে বোধগম্য হোৱাকৈ স্পষ্ট কৰি তোলাৰ গোটেই প্ৰক্ৰিয়াটোৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ সম্পৰ্কীয় সাৰ্বজনীন ঘোষণাটো ৰাজহুৱাকৈ সদৰি কৰোঁতেই, “প্রত্যেক ব্যক্তি আৰু সমাজৰ প্ৰত্যেকটো অংগক”, “শিক্ষণ আৰু শিকনৰদ্বাৰা এই অধিকাৰবোৰ আৰু স্বতন্ত্রতাবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ভাৱ সকলোৰে মাজত বিয়পাবলৈ আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত কিছুমান প্রগতিমূলক ব্যৱস্থা গ্ৰহণৰদ্বাৰা এইবোৰক কাৰ্যকৰীধৰণৰ স্বীকৃতি দিয়াটো তথা পালন কৰাটো নিশ্চিত কৰাৰ হকে যৎপৰোনাস্তি চেষ্টা চলাবলৈ” এটা ভাৰ দি থৈছে।
যোৱা কিছু বছৰ ধৰি মানৱ অধিকাৰ সম্পৰ্কীয় শিক্ষাদানৰ ব্যৱস্থাটো শিক্ষাৰ প্ৰকৃত লক্ষ্য তথা উদ্দেশ্যসমূহৰো এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু ইয়াৰ কিছুমান উপাদান (শিক্ষাৰ) ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাত, বিভিন্ন বিষয়বোৰৰ পাঠ্যসূচীৰ মূল কথাখিনিত আৰু পাঠ্যক্ৰমৰ সহযোগী কার্যকলাপ তথা কাৰ্যসূচীবোৰৰ মাজত প্রতিফলিত কৰিব বিচৰা হৈছে।
১৯৭৫ চনত যুগুতোৱা প্ৰথম ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাত এনে কিছুমান উদ্দেশ্য সাধনৰ ওপৰত জোৰ দিয়া হৈছিল যিবোৰ নেকি ভাৰতৰ স্কুলবোৰত মানৱ অধিকাৰ সম্পৰ্কীয় শিক্ষাদানৰ এটা নিৰ্দিষ্ট কাৰ্যসূচী গ্ৰহণৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ।
ইয়াত কোৱা হয় যে “সামাজিক সচেতনতা জগাই তোলাটো, গণতান্ত্রিক মূল্যবোধবোৰ বিকশাই তোলাটো, সামাজিক ন্যায় আৰু ৰাষ্ট্ৰীয় সংহতিৰ অনুভূতি জগাই তোলাটো অতিশয় গুৰুত্বপূৰ্ণ কথা……ৰাষ্ট্ৰীয় সংহতি স্থাপনৰ লক্ষ্য সাধিব পৰা যায়, ভাৰতৰ ভিন ভিন শাখা-সংস্কৃতিবোৰ আৰু সেইবোৰক একতাৰ বান্ধোনেৰে বান্ধি ৰখা উমৈহতীয়া এনাজৰীডালৰ কথা যথোপযুক্তভাৱে বুজি পোৱা আৰু সেইবোৰৰ সাৰমৰ্ম উপলব্ধি কৰাৰ জৰিয়তেহে।
লিংগ, জাত-পাত, ধর্ম, ভাষা আৰু অঞ্চলৰ আধাৰত যিকোনো ধৰণৰ বৈষম্য আচৰাটো ঘৃণনীয় বুলি গণ্য কৰিব লাগিব; কাৰণ এইটো একেবাৰে যুক্তিহীন, অস্বাভাৱিক আৰু আধুনিক ভাৰতৰ বিকাশৰ পক্ষে অতিশয় হানিকৰ।

