প্ৰত্যেক লেখাৰে একো একোটা বিশেষ উদ্দেশ্য থাকে।

‘সমন্বয় আৰু সাংস্কৃতিক ঐতিহ্যৰ ৰূপৰেখা’ প্ৰবন্ধ সংকলনটোত সন্নিবিষ্ট লেখাবিলাকো লেখিকাই তেনে ধৰণৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই লিখিছে।

সমাজৰ প্ৰতি থকা দায়িত্ববোধো তেওঁৰ কলম ধাৰণৰ অন্য এক উল্লেখযোগ্য কাৰণ।

অসমীয়া আৰু গোৰ্খাৰ লগতে অন্য জনগোষ্ঠীয় লোকসাহিত্য -সংস্কৃতিক একেখন গ্ৰন্থত তুলি ধৰি সকলোকে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখাৰ কিঞ্চিত প্ৰয়াস কৰিছে।

বড়ো, কাৰ্বি,ৰাভা, আদিবাসী,মিচিং আদি জনগোষ্ঠীবোৰ আমাৰ তেনেই আপোন।

সকলোৰে লোকসংস্কৃতিৰ বিষয়ে ইয়াত লেখা প্ৰকাশ পাইছে।

গ্ৰন্থ ক্ৰমত এইয়া লেখিকাৰ ছয় নম্বৰ গ্ৰন্থ আৰু অসমীয়া ভাষাৰ দ্বিতীয়।

অসমীয়া, নেপালী আৰু হিন্দী ভাষাত নিৰন্তৰে কবিতা, প্ৰৱন্ধ আৰু গল্প বিভিন্ন পত্ৰ-পত্ৰিকাত লিখি আহিছে তেওঁ।

গ্ৰন্থ সুবাসৰ পৰা তেখেতৰ এই কিতাপখনৰ বিষয়ে পৰিচয় দাঙি ধৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *