💐💐💐💐💐পখী উৰি যায়💐💐💐💐💐

উপন্যাস

লেখকঃ কিশোৰ মনজিৎ বৰা

পৃষ্ঠাঃ ৪২৪

প্ৰকাশকঃ পূৰ্বাঞ্চল প্ৰকাশ

প্ৰথম প্ৰকাশঃ ২০২১

দ্বিতীয় প্ৰকাশঃ ২০২২

অসমৰ ইমূৰে-সিমূৰে বিয়পি পৰা টে’ট শিক্ষক-শিক্ষয়িত্ৰীসকলৰ জীৱনক লৈ এই উপন্যাস ৰচনা কৰা হৈছে।

বাস্তৱৰ লগতে ইয়াত কাল্পনিক ছায়াছবিৰো সংযোগ ঘটিছে।

অৰ্থাৎ ইয়াত ৫০% যদি বাস্তৱ, তেন্তে বাকী ৫০% কল্পনাৰ ৰামধেনু মাথোন! উদাহৰণস্বৰূপে, ঔপন্যাসিকে ক’ব নোৱৰাকৈয়ে নাৰায়ণ নামৰ চৰিত্ৰটো হঠাৎ ওলাই অহা চৰিত্ৰ।

অৱচেতন মনত সততে ক্ৰিয়া কৰি থকা বহু বিচিত্ৰ চৰিত্ৰৰ সমাহাৰ কিজানি নাৰায়ণ।

প্ৰথম কেইটামান খণ্ড লিখাৰ পাছত এই চৰিত্ৰটো ৰাখিব নাৰাখিব তাক লৈ লেখক দোধোৰ -মোধোৰত পৰিছিল।

পাছলৈ অনেক আগ্ৰহী পাঠকে এই চৰিত্ৰটোক হৃদয়ত ঠাই দিয়া বুলি জনাইছে!

শিক্ষক সমাজক সততে ‘নতুন অসমৰ উন্নয়নৰ উদিত সেনানী’ আখ্যা দিয়া, শুকান জীৱনবোৰলৈ বসন্তৰ এছাটি শীতল সমীৰ কঢ়িয়াই অনা তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত এই ‘পখী উৰি যায়’ উপন্যাসখন অৰ্পণ কৰি তেখেতলৈ সমূহ কৃতজ্ঞ টে’ট শিক্ষক-শিক্ষয়িত্ৰীৰ হৈ শ্ৰদ্ধা নিৱেদন কৰা হৈছে…. “অসতো মা সদগময়/তমসো মা জ্যোতিৰ্গময়।”

পোনতে লেখকৰ ম’বাইলৰ Notes-ত গোটেই উপন্যাসখন টাইপ কৰি লিখোঁতে অকণো কষ্ট অনুভৱ কৰা নাছিল, ফেচবুকৰ আগ্ৰহী পাঠক-পাঠিকাসকলৰ অকুণ্ঠ প্ৰেৰণাৰ বাবে। অসমৰ নৱ প্ৰজন্মৰ এজন কৃতী শিক্ষক তথা , সুলেখক দেৱভূষণ মহন্তই এই উপন্যাসখনৰ অক্ষৰ-বিন্যাস কৰি বাধিত কৰিছে।

মনজিৎ ৰাজখোৱাদেৱে বেটুপাত অংকণ কৰি উপন্যাসখনিৰ জেউতি চৰাইছে।

‘কটন কলেজ’ উপন্যাসৰ স্ৰষ্টা, অসমৰ এগৰাকী বৰেণ্য কথাশিল্পী তথা ৰাজ্যৰ এটি আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘পূৰ্বাঞ্চল প্ৰকাশ’ৰ স্বত্ত্বাধিকাৰী শ্ৰদ্ধেয় নবীন বৰুৱাছাৰে ৪২৪ পৃষ্ঠাৰ এই বৃহৎ উপন্যাসখন কিতাপ আকাৰে প্ৰকাশ কৰিছে।

পূৰ্বতেও ‘প্ৰান্তিক’ আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা লেখকৰ জনপ্ৰিয় ‘হৃদয় এখন মহাকাব্য'(২০১২) উপন্যাসখন পূৰ্বাঞ্চল প্ৰকাশে গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল।

আগ্ৰহী পাঠকে ‘পখী উৰি যায়’ উপন্যাসখন পঢ়ি নিঃসন্দেহে এক অনিৰ্বচনীয় আনন্দ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *