‘গ্ৰন্থ সভ্যতাৰ অবিনশ্বৰ আত্মা’ — এই মূলমন্ত্ৰৰে মানবিশিষ্ট গ্ৰন্থ প্ৰকাশ কৰা প্ৰকাশন প্ৰতিষ্ঠান ‘শব্দ-শিল্প’ই প্ৰকাশ কৰি উলিওৱা এখন বিশেষ গ্ৰন্থ ‘প্ৰাতঃস্মৰণীয়’।

জীৱনী সাহিত্য অধ্যয়নৰ প্ৰতি আগ্ৰহী পঢ়ুৱৈ তথা তথ্যান্বেষী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে উপযুক্ত এখন গ্ৰন্থ ‘প্ৰাতঃস্মৰণীয়’।

বছৰটোৰ প্ৰতিটো দিনতে হোৱা জন্ম বা মৃত্যুৰ লেখেৰে ৰাজ্যখনৰ তথা দেশ-বিদেশৰ বৰেণ্য ব্যক্তিসকলৰ কৃতি আৰু কৃতিত্বৰ উল্লেখসহ চমু জীৱনী সন্নিৱিষ্ট কৰা হৈছে গ্ৰন্থখনত।

গ্ৰন্থখনৰ প্ৰণেতা পুষ্পাঞ্জলি গোস্বামীয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি এই গ্ৰন্থখন যুগুত কৰিছে।

আজিৰ ইণ্টাৰনেট নিৰ্ভৰ প্ৰজন্মৰ বাবেও অৰ্থাৎ নেটিজেনসকলৰ বাবেও প্ৰয়োজনীয় এই গ্ৰন্থখন, কাৰণ ইয়াত সন্নিৱিষ্ট কৰা হৈছে ইণ্টাৰনেটতো বিচাৰি নোপোৱা বহু তথ্য।

লেখিকাই বহু শ্ৰম কৰি যুগুতাই উলিওৱা এই গ্ৰন্থখন সন্দৰ্ভত বিশিষ্ট লেখিকা, সমালোচক তথা দিছপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ নমিতা ডেকাই কৈছে — ” লেখিকাই দেশ-বিদেশৰ বহু স্বনামধন্য ব্যক্তিৰ চমু পৰিচয় দাঙি ধৰি তেওঁৰ অধ্যয়নপুষ্ট মনটোৰ পৰিচয় দিছে।

গ্ৰন্থখনত কেৱল জন্ম-মৃত্যুৰ কথাই নাই, ইয়াত সেই ব্যক্তিসকলক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সাহিত্য, সংস্কৃতি, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি আদি বিবিধ বিষয়ৰ চমু অথচ উল্লেখযোগ্য কথাবোৰ জিলিকি আছে।

থোৰতে জানিব পৰা এই কথাবোৰেৰে গঢ় লৈ উঠা গ্ৰন্থখন কোষত পৰিণত হোৱা, এখন বাক্যৰে সৃষ্টি হোৱা অভিধানত যেন পৰিণত হৈছে।”

গ্ৰন্থ : প্ৰাতঃস্মৰণীয়

প্ৰকাশক : শব্দ-শিল্প, গুৱাহাটী

দাম : ৩০০ টকা মাত্ৰ।

অতিৰিক্ত ডাকখৰচ নভৰাকৈ ঘৰতে বহি গ্ৰন্থখন ডাকযোগে সঠিক দামত লাভ কৰিবলৈ যোগাযোগ নং : ৯৮৫৪৪-৪৭৩৫০

✍️❤️🌹 চন্দন ভাগৱতী🪂🪂

Leave a Reply

Your email address will not be published. Required fields are marked *