কাপুৰুষৰ তৰোৱাল

দেবিকা দত্ত

উৎপল দত্তৰ চাৰিখন উপন্যাসৰ সংকলন ‘কাপুৰুষৰ তৰোৱাল’ অসমীয়া ভাষাৰ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনত এক নতুন সংযোজন৷

এই চাৰিখন উপন্যাস ক্ৰমে ‘আৰু দেবযানী’, ‘আকাশৰ কোনো ৰং নাই’, ‘ধন্য ধন্য কলিকাল’ আৰু ‘কাপুৰুষৰ তৰোৱাল৷’

আমোদজনক দিশটো হ’ল সমগ্ৰ সংকলনখনৰ চাৰিওটি কাহিনীৰে নায়ক ঋদ্ধি আৰু এই চৰিত্ৰটো পাঠকৰ প্ৰিয় হৈ পৰিছে কাৰণ সাংবাদিক হিচাপে নিজৰ পেছাত তেওঁ প্ৰদৰ্শন কৰা আপোচবিহীন মনোভাৱ৷

চাৰিওখন উপন্যাসতে ঋদ্ধিৰ এগৰাকী প্ৰিয়জন আছে, তেওঁৰ নাম ‘সুনয়না’৷ ‘ধন্য ধন্য কলিকাল’ত তাই এগৰাকী শক্তিশালী নাৰী হিচাপে আত্মপ্ৰকাশ কৰে যিয়ে প্ৰেমিকক তেওঁৰ লাহে লাহে দুৰ্নীতিৰ পথলৈ পথভ্ৰষ্ট হোৱাৰ বিষয়ে সঁকিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে৷ বাকী দুখন উপন্যাসৰ ‘সুনয়না’ক সৰলতাৰে ভৰা ছোৱালী হিচাপে চিত্ৰিত কৰা হৈছে৷

সমগ্ৰ সংকলনটোত ঋদ্ধিৰ চৰিত্ৰটো সন্দেহ, ভয় আৰু সংকোচৰ যন্ত্ৰণাত ভুগিছে৷ এই উপন্যাসসমূহৰ বেছিভাগ চৰিত্ৰই সমসাময়িক ব্যৱস্থাৰ বলি হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ পাছত অসমত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ লগতে একাংশ উজ্জ্বল যুৱ নেতাই নতুন চৰকাৰ গঠন কৰাৰ লগতে সাধাৰণ ৰাইজৰ বিশেষকৈ নৱপ্ৰজন্মৰ আশা আৰু সপোন আৰু পৰৱৰ্তী সময়ত সেই সপোন আৰু আকাংক্ষাক ভেঙুচালি কৰি আৰম্ভ কৰা বিভিন্ন স্তৰৰ দুৰ্নীতিৰ কথা ঔপন্যাসিকে চমৎকাৰভাৱে চিত্ৰিত কৰিছে৷

লেখক শ্ৰী দত্ত বিশ্ববিদ্যালয়ৰ দিনৰ পৰাই সাংবাদিকতা আৰু চলচ্ছিত্ৰ উদ্যোগৰ সৈতে জড়িত৷ সেয়েহে এই দুয়োটা উপাদানকো এই সংকলনত প্ৰদৰ্শিত কৰা হৈছে, বিশেষকৈ চৰিত্ৰসমূহৰ দৃশ্যায়নত তেওঁৰ চিনেমাৰ দৃশ্যায়ণৰ কৌশল চমৎকাৰ ভাবে প্ৰকাশ কৰিছে৷ এই কাহিনীকেইটি পঢ়ি থাকোঁতে চৰিত্ৰবোৰ প্ৰাঞ্জল বাস্তৱতাৰে আমাৰ সন্মুখত আবিৰ্ভাৱ হয়৷ আমাৰ সন্মুখত যেন ঋদ্ধিয়ে নিজৰ খং আৰু হতাশা প্ৰকাশ কৰিছে, আমাৰ তেনেই ওচৰতে যেন দেবযানী উদাস¸ীন মৌনতাত থিয় হৈ আছে৷ সুনয়না হৈছে সকলো দিশৰ পৰাই নিৰ্দোষ আৰু শান্ত ছোৱালী যাক আমি আমাৰ দৈনন্দিন বিচৰণত লগ পাওঁ৷

সমানেই আকৰ্ষণীয় হৈছে ভগ্ন পাৰিবাৰিক ইতিহাস আৰু প্ৰেমহীন জীৱনৰ বিদেশী কণমানি জুলিৰ অন্তৰ্ভুক্তি৷ ঔপন্যাসিকৰ চোকা আৰু সংবেদনশীল কাহিনীবোৰে সমগ্ৰ সংকলনখনলৈ এক আচৰিত সাহিত্যিক উচ্ছতা কঢ়িয়ই আনিছে৷ গল্প কোৱা আৰু দৃশ্যৰূপ সৃষ্টি কৰা কৌশলৰ ওপৰত থকা লেখকৰ উৎকৃষ্ট দখলে কাহিনী আৰু বাস্তৱৰ মাজৰ সামান্যতম ব্যৱধানকো নোহোৱা কৰি দিছে৷ উল্লেখযোগ্য যে লেখক উৎপল দত্ত মূলতঃ চলচ্ছিত্ৰ সমালোচক হিচাপে পৰিচিত আৰু সাংবাদিকতাৰ প্ৰাৰম্ভিক দিনত কাহিনী লিখাটোৱেই আছিল তেওঁৰ প্ৰথম প্ৰেম৷ কিন্তু ‘কাপুৰুষৰ তৰোৱাল’ পঢ়িলে পাঠকে, বিশেষকৈ যিসকলে দত্তৰ আগৰ দিনৰ মোহনীয়া আখ্যানমূলক কাহিনীৰ বিষয়ে জানে, তেখেতসকলে অপৰিসীম আনন্দ আৰু সন্তুষ্টি লাভ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *