কিতাপৰ বতৰত এখন ভাল লগা কিতাপৰ খবৰ।

নৱপ্ৰজন্মৰ জনপ্ৰিয় লেখক ভ্ৰমণ বিলাসী ধ্ৰুৱজ্যোতি দত্তৰ অৰুণাচল প্ৰদেশৰ দুৰ্গম ঠাইৰ ৰোমাঞ্চকৰ ভ্ৰমণ কাহিনী ‘লুহিতৰ পাৰে পাৰে লহৰৰ পম খেদি’ ফেচবুকত খণ্ড খণ্ডকৈ লিখা পঢ়িবলৈ পাই আপ্লুত হৈছিলোঁ।

নানান তথ্যৰে সমৃদ্ধ লেখাৰে ভৰপুৰ সুন্দৰ উপস্থাপন শৈলী তেখেতৰ।

পঢ়ি যাওঁতে এনেকুৱা লাগিছিল যেন নিজেই ভ্ৰমণ কৰিছোঁ।

এজন লেখকৰ সফলতা তাতেই।

কিতাপ আকাৰে প্ৰকাশ কৰিব বুলি জানিব পাৰি খুব ভাল লগিছে।

সকলোৱে পঢ়িব পৰা এখন ভাল লগা কিতাপ হ’ব।

গ্ৰন্থ প্ৰেমী সকলৰ বাবে ই শুভ বতৰা।

তেখেতৰ কলমৰ সৃষ্টি ‘লুহিতৰ পাৰে পাৰে লহৰৰ পম খেদি’ সোনকালেই পঢ়ুৱৈৰ হাতৰ পৰক শুভকামনা থাকিল লেখক ধ্ৰুৱজ্যোতি দত্তলৈ।

✍️ গীতি ভট্টাচাৰ্য

Leave a Reply

Your email address will not be published. Required fields are marked *