সাম্প্ৰতিক অসমৰ সাংবাদিকতাৰ যিখন প্ৰতিচ্ছবি, তাক লৈ এফালে যেনেকৈ মানুহৰ মনত আশা-আস্থাৰ সীমাহীন অনুভৱ আছে, তেনেকৈ আছে দ্বিধা-সংশয়ৰো এক বিশাল আয়তন।

গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ তিনিটা স্তম্ভ বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায় ব্যৱস্থাৰ ক্ষয়িষ্ণু, দুৰ্বল, বিকাৰগ্ৰস্ত অৱস্থাই সাধাৰণ মানুহক দিশাহীন কৰি তোলাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ গুৰুত্ব নিৰ্বলী মানুহৰ বাবে ক্ৰমাৎ বৃদ্ধি পাইছে আৰু অৱধাৰিতভাৱে ই হৈ পৰিছে এই জনসমষ্টিৰ বাবে বিকল্প ভাৰসাৰ স্থল।

কিন্তু জনসাধাৰণৰ এই পৰ্বতপ্ৰমাণ ভাৰসাক বৰ্তমানৰ সাংবাদিকতাৰ ক্ষেত্ৰখনে কেনেধৰণে অনুধাৱন কৰিছে, সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন।

Leave a Reply

Your email address will not be published. Required fields are marked *