
💐💐 “সাহসিকতাৰ অন্য এক নাম” : পৰাগ কুমাৰ দাস💐💐
“পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান সাংবাদিকেই নাছিল, তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনত সকলো সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী, চিন্তাশীল মানুহ” – হোমেন বৰগোহাঞি
“পৰাগ দাসে নিজৰ চিন্তা আৰু কৰ্মৰে যি পৰিৱেশ ৰচনা কৰিছিল, অসমৰ যুৱ প্ৰজন্মক যেনেদৰে আলোড়িত কৰিছিল, আজি তাৰ কণমাত্ৰ বিচাৰিও হাবাথুৰি খাব লাগে। পৰাগ দাস এজন ব্যক্তি নাছিল, তেওঁ আছিল এক জীৱন্ত শক্তি। বঞ্চিত, শোষিত, অসমৰ সৃষ্টিকামী যুৱপ্ৰজন্মৰ মুক্তমনা আত্মপ্ৰতিষ্ঠাৰ আকাংক্ষাৰ তেওঁ মুখপাত্ৰ আছিল।” – হীৰেন গোহাঁই
“সমাজ জীৱনত নিদৰ্শন দাঙি ধৰিব পৰাকৈ পৰম সততা আৰু নিষ্ঠাৰ গৰাকী তথা অসমখনক ভালপোৱা মানুহ অসমৰ সাংবাদিকতা জগতখনত এজনেই আছিল বুলি যদি ধৰা হয়- তেন্তে মনলৈ অহা একমাত্ৰ নামটোৱেই হ’ল পৰাগ কুমাৰ দাস। ব্যক্তিগত সকলো বিষয়কে তুচ্ছ কৰিব পৰা এটা সাধনালব্ধ মনন আৰু প্ৰচুৰ আত্মোসৰ্গৰ জীৱনী শক্তিৰে আজীৱন ৰাজ্যখনৰ সাধাৰণ জনগণৰ হকে যুঁজি যোৱা এক দুৰন্ত সাহসৰ নাম পৰাগ কুমাৰ দাস।” – ছাংলট ফেনলাৰ বেটুপাতৰ পৰা সংগ্রাহীত
পৰাগ কুমাৰ দাস এটা শক্তিশালী প্ৰতিবাদী কন্ঠ, এটা আদৰ্শ, এটা বাট, মুক্তিকামী অসমীয়াৰ তেজাল স্বপ্ন। পৰাগ কুমাৰ দাস অসমৰ জাতীয় জীৱনৰ বাবে, আমাৰ বাবে উদ্যম উৎসাহ অনুপ্ৰেৰণা। পৰাগ কুমাৰ দাস অসমৰ মুক্তিকামী জনতাৰ এক আপোচবিহীন নাম। পৰাগ কুমাৰ দাস এটা অনুষ্ঠান, এক সংগ্ৰামী সত্ত্বা।
স্বদেশ, স্বজাতিৰ বাবে হাতত কলম তুলি লৈছিল নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসে। পৰাগ কুমাৰ দাস এগৰাকী নিৰ্ভীক হোৱাৰ লগতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ জাতি-জনগোষ্ঠীৰ অধিকাৰৰ সৈতে অসমৰ জাতীয়তাবাদৰ সপোন দেখিছিল। তেওঁ ৰাষ্ট্ৰব্যৱস্থাৰ পৰিত্ৰাণ বিচাৰি আত্মনিয়ন্ত্ৰণেৰে যিদৰে হাতত কলম তুলি লৈছিল। ঠিক সেই একেই সময়তে দেশৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱাসকলৰ বিৰুদ্ধেও পৰাগ দাসৰ কলমেৰে নিগৰিছিল ক্ষোভৰ জুই। তেওঁ আৰম্ভ কৰিছিল অস্ত্ৰৰ বিৰুদ্ধে কলমৰ সংগ্ৰাম। কলমেৰে নিগৰা এটা এটা শব্দত ভয়াৰ্ত হৈ হৈ উঠিছিল একাংশ। তেওঁৰ যুদ্ধখন আছিল অন্যায় আৰু শোষণৰ বিৰুদ্ধে, সেই যুদ্ধত তেওঁ অৱৰ্তীন হৈছিল সততা আৰু নিৰ্ভীকতাৰে। ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰক ৰুদ্ধ কৰিবলৈ তেওঁ তুলি লৈছিল কলম।
চমুকৈ জীৱনপঞ্জী :
- জন্ম : ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰী শ্বিলঙত
মাতৃ : অনুপমা দাস
পত্নী : পূৰবী দাস
সন্তান : এজন লৰা আৰু এগৰাকী ছোৱালী
শিক্ষা : ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি দিল্লীৰ ছেইণ্ট ষ্টিফেন্সৰ কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নানক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ ‘স্কুল অৱ ইকনমিকছ’ ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সাংবাদিক জীৱন : আশীৰ দশকত ‘প্ৰান্তিক’ আলোচনী আৰু ‘দি ছেন্টিনেল'(ইংৰাজী) কাকতৰ সম্পাদক। ১৯৯৪ চনৰ এপ্ৰিল মাহৰ পৰা ‘আগান’ আলোচনীৰ প্ৰকাশক, সম্পাদক। ১৯৯৬ চনৰ ১৭ মে’ লৈ ‘অসমীয়া প্ৰতিদিনৰ’ কাৰ্যবাহী সম্পাদক।
কিছু কথা : ১৯৯১ চনৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে পৰাগ দাসে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ – পূৱ মাম্ব6অধিকাৰ সমন্বয়ৰক্ষী সমিতিৰো সচিব প্ৰধান আছিল তেওঁ। তেওঁ ১৯৯২ চনৰ পৰাই বাকস্বাধীনতা সংগ্ৰাম সমিতি আৰু ১৯৯৪ চনৰ গণতান্ত্ৰিক সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ক্ৰমে “ৰাষ্ট্ৰীয় নিৰাপত্তা আইন” আৰু “টাডা” আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেখেতৰ ৰচিত ‘স্বাধীনতাৰ প্ৰস্তাৱ’ নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰি বাজেয়াপ্ত কৰে।
প্ৰকাশিত কিতাপ : ‘ছাংলট ফেনলা’, ‘স্বাধীনতাৰ প্ৰস্তাৱ’, ‘নিষিদ্ধ কলম আৰু অন্যান্য’, ‘আমি যি কথা কৈছিলোঁ’ ( অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে ) , ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’, ‘মোক স্বাধীনতা লাগে’, আৰু ‘স্বাধীন অসমৰ অৰ্থনীতি’।

