❤️🌹❤️🌹|| ‘দৌল পূৰ্ণিমা’ উন্মোচন ||❤️🌹❤️🌹

এনাজৰী, বৰপেটাৰ দ্বাৰা প্ৰকাশিত ‘দৌল পূৰ্ণিমা’ শীৰ্ষক পুস্তিকাখনি ১৩ মাৰ্চত দৌল উৎসৱৰ গন্ধোৎসৱৰ পুৱা বৰপেটা সত্ৰৰ কৰাপাটৰ সম্মুখত বৰপেটা সত্ৰৰ পূজ্যপাদ বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে, সত্ৰৰ ডেকাসত্ৰীয়া শ্ৰীযুত গৌতম পাঠক, নিমন্ত্ৰিত শিল্পীত্ৰয় ক্ৰমে অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, অভিনেত্ৰী ৰিছা চেত্ৰী আৰু কন্ঠশিল্পী মৰ্মিতা মিত্ৰ প্ৰমুখ্যে শতাধিক ভকত বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত উন্মোচন কৰে।

উন্মোচনী ভাষণত সত্ৰীয়াজনাই আশীৰ্বাদসূচক বক্তব্য ৰখাৰ লগতে এনে ধৰণৰ কিতাপে বৰপেটা সত্ৰৰ লগতে অসমত প্ৰচলিত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাৰ বিষয়ে কিছু কথা জনাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি মত পোষণ কৰে।

ৰাইজিং ক্লাবৰ ‘বাটে বাটে হোলীগীত’ অনুষ্ঠানটোৰ আৰম্ভণিতে আয়োজিত উন্মোচনী অনুষ্ঠানত উন্মোচন কৰা এনাজৰী বৰপেটাৰ এইবাৰৰ একাদশ সংখ্যক পুস্তিকাখনিত নটা দশকৰ পূৰ্বে প্ৰকাশিত অতুলচন্দ্ৰ হাজৰিকাৰ ‘দোল পূৰ্ণিমা’ কবিতাটো পুনঃপ্ৰকাশৰ উপৰিও অপূৰ্ব কুমাৰ তালুকদাৰ, ডিম্বেশ্বৰ মেধি, কবিন্দ্ৰ নাথ দাস, সমীন কলিতা আৰু গোপাল জালানৰ একোটিকৈ প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখ্য যে এনাজৰী, বৰপেটাই বিগত এটা দশকজুৰি দৌল যাত্ৰাৰ সময়ত এনেদৰে একোখনকৈ দৌলোৎসৱকেন্দ্ৰিক পুস্তিকা প্ৰকাশ তথা বিনামূলীয়াকৈ বিতৰণৰ বাবে লোৱা আদৰণীয় পদক্ষেপক বৰপেটাৰ সচেতন মহলে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *