
💐💐আমাৰ শৈশৱ আৰু প্ৰাক যৌৱনৰ বহুখিনি সময় দস্যু ভাস্কৰে সন্মোহিত কৰি ৰাখিছিল।💐💐
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুবৈ কমল বৰা পানীত পৰি নিৰুদ্দেশ হৈছিল।
তাৰ পিছতে সমাজৰ বঞ্চনা আৰু গঞ্জনাৰ প্ৰত্যুত্তৰ হিচাপে উদয় হৈছিল ভাস্কৰৰ।
ভাস্কৰৰ সৎসাহস, প্ৰচুৰ শক্তি, সামাজিক দায়বদ্ধতা, প্ৰত্যুৎপন্নমতিতা আৰু জ্ঞানে আমাৰ সমসাময়িক সৰহ ভাগ পাঠককে আচ্ছন্ন কৰি থৈছিল।
মনে মনে হয়তো সকলোৱে সমাজত সমাজ বহিৰ্ভূত দস্যু ভাস্কৰৰ দৰে এক চৰিত্ৰৰ প্ৰয়োজনীয়তা আছে বুলি ভাবিছিল।
দেশ আৰু জাতিৰ প্ৰহৰী আৰু বিবেক স্বৰূপ ভাস্কৰৰ সংগী আছিল ফেহু, ফিঙা, পাৰ্থ, তীৰ্থ, ৰিয়াজ আৰু সোমন, ডা° ধীৰেন।
প্ৰতিটোৱেই এক অনন্য চৰিত্ৰ।
ফেহু চোৰৰ পৰা ভাস্কৰৰ সংগীলৈ হোৱা যাত্ৰাই মানুহ হিচাপেও ফেহুৰ চৰিত্ৰৰ উত্তৰণ ঘটাইছিল।
সেই ভাস্কৰ চিৰিজৰ স্ৰষ্টা ৰংমন সেই সময়ত বহুল জনপ্ৰিয় হৈছিল।
আনকি বহুতো পাঠকে ধীৰেণৰ মানৱ সংঘৰ আৰ্হিত বিভিন্ন স্বেচ্চাসেৱী দল গঠন কৰিছিল।
ভাস্কৰ চিৰিজৰ লগত আমাৰ আবেগ জড়িত হৈ আছে।
সেই ভাস্কৰ চিৰিজ বনলতাই পুণৰ প্ৰকাশ কৰি আমাৰ মাজলৈ আনিছে।
ই নিসন্দেহে এক ভাল খবৰ।
আমাৰ মাজলৈ বহুদিনৰ পুৰণি কোনোবা বন্ধু ঘুৰি অহাৰ দৰে লাগিছে।

