
কৈৱল্য
লেখিকা মধুলেখা শৰ্মা বাইদেউৰ কথাৰে….
অভিযন্তা জিতেন্দ্ৰ চৌধুৰী আৰু অবন্তিকা চৌধুৰীৰ একমাত্ৰ পুত্ৰ স্বপ্নিল।
কমল শৰ্মা আৰু যামিনী দেৱীৰ একমাত্ৰ জীয়ৰী মাইনী ওৰ ফে শতৰূপা।
খুজি বোৱাৰী কৰি লৈ গৈছিল স্বপ্নিলৰ বাবে শতৰূপাক।
বিয়াৰ আগতে শতৰূপাই স্বপ্নিলক দেখা নাছিল l ধুমধামেৰে বিয়া হৈ গৈছিল সিহঁতৰ।
বিয়াৰ পিছত শতৰূপাই অনুভৱ কৰিলে যে নামত হে সিহঁত স্বামী স্ত্ৰী।
তথাপিও সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী বা স্বপ্নিলৰ জৈৱিক তাগিদাৰ ফল স্বৰূপে জিয়া
সিহঁতৰ মাজলৈ আহিল।
বাহিৰৰ পৰা দেখাত সুখৰ সংসাৰ কিন্তু ভিতৰখন ?
স্বপ্নিলৰ সম্পৰ্ক বহু নাৰীৰ লগত।
সকলো জানিও শতৰূপা মৌন।কাৰণ ? জিয়া !
ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি গান্ধাৰী হৈ থাকে শতৰূপা।
স্বপ্নিল ভালে থাকক।তাইৰ শিৰৰ সেন্দুৰকন জিলিকি থাকক।
জিয়াৰ বাবে তাই এইকন কৰিব নোৱাৰিব নে !!
মাক দেউতাকৰ পৰা পোৱা সংস্কাৰখিনিৰ বাবে শতৰূপাই বিদ্ৰোহ কৰোঁ বুলি ভাবিলেও কৰিব নোৱাৰে ।
কি সন্দেহবাদী স্বপ্নিল ,কি অহংকাৰী শাহুৱেক,কি হিংসাকুৰীয়া জেশাহু বৰ্ণালী ! গোটেইবোৰৰ কি নিকৃষ্ট মানসিকতা ! শতৰূপাই আশা এৰি দিয়া নাই।
এদিন সকলো ঠিক হ’ব ।এই আশা আগত লৈয়ে তাই এদিন যদি যুঁজিলে,এদিন হাৰিলে ।এদিন কান্দিলে। এদিন হাঁহিলে।
শতৰূপাই সংস্কাৰৰ নামত নিজ ঘৰখনৰ পৰা পাইছিল ধৈর্য্য, ক্ষমা আৰু সহনশীলতা। ভালপোৱাৰে জগত জিনিব পাৰি তাই নোৱাৰিব নে ! ঘৰৰ পৰা ঠিক কৰা বিয়াত বহিও নিজৰ সৰ্বস্ব দিয়াৰ বিপৰীতে তাই পাইছিল অনাদৰ ,অৱজ্ঞা আৰু উপহাস ! তাইৰ বেদনা গধুৰ মনৰ একমাত্ৰ মলম্ হ’ল জিয়া।
জিয়াৰ বাবে তাই সকলো সহিব পাৰে।
কিন্তু বৰ্ণালী, তৰালীৰ দৰে ছোৱালীবোৰ ! যি প্ৰেম বিবাহ কৰে ! তেওঁলোক কিয় সুখী হ’ব নোৱাৰে ?
কিয় বিশ্বাস,প্ৰেম , আন্তৰিকতাৰ অভাৱ হয় !
কিয় সন্দেহ ,অবিশ্বাস নামৰ কীটটোৱে সুখৰ সংসাৰ থানবান কৰে ? আৰু মনালিছা ?
কিতাপখন পঢ়ি থাকোঁতে আবেগিক হৈ পৰিছিলো তেতিয়া, যেতিয়া শতৰূপাই নিজৰ দেউতাকৰ অসুখৰ খবৰ পাই , অকলে ঘৰৰ পৰা ওলাই গৈ ,শেষ সময়ৰলৈকে সকলো চম্ভালিছিল ।
জোঁৱাইৰ একো দায়িত্ব নাই যে ! খং উঠিছিল তেতিয়া ,যেতিয়া দেউতাকৰ হস্পিটেলৰ বিলৰ বাবদ শতৰূপাই তাইৰ ওপজা ঘৰ #সূৰুযমূ্খীৰ কাগজ পত্ৰ স্বপনিলৰ হাতত তুলি দিব লগা হৈছিল।
ভাল লাগিছিল তেতিয়া, যেতিয়া জিয়াই নিজকে প্ৰতিষ্ঠিত কৰি শতৰূপাৰ মাতৃ হৃদয় সুখেৰে উপচাই পেলাইছিল । তাৰপিছত !
তাৰপিছত কাহিনীৰ আদ্যোপান্ত জানিবলৈ পঢ়িব পাৰে মণিকূট প্ৰকাশনৰ আন এক সফল গ্ৰন্থ বিনিশা দেৱীৰ #কৈৱল্য ।যাৰ অৰ্থ মোক্ষ, সংসাৰ মুক্তি ! কেনেকৈ মুক্তিৰ পথ পালে শতৰূপাই !
এখন ঘৰ এৰি আহি আন এখন ঘৰৰ অচিনাকি লোকক আপোন কৰি ল'বলৈ অহৰহ প্ৰচেষ্টা চলোৱা, বিনিময়ত লাঞ্চনা গঞ্জনা পোৱা শতৰূপাৰ দৰে অলেখ নাৰীৰ অলিখিত , অব্যক্ত অনেক তিক্ত কাহিনী হৈছে কৈৱল্য।
#মগজুৰ সৈতে বহু সংঘৰ্ষৰ অন্তত তাই পাইছিল সেই উত্তৰ । এখন শান্তিকামী ঘৰ আৰু স্বামীৰ অকণমান মৰমৰ মোহত তাই অন্ধতাৰ ভাও দিবই লাগিব ।
স্বামীৰ সুখত সুখী বা স্বামীৰ দুখত দুখী হোৱা মানু্হজনীয়ে বিসৰ্জন দিব নোৱাৰে সেই মায়াক যি মায়াই তাইক বাৰে বাৰে বাধ্য কৰি আহিছে মহাভাৰতৰ সেই মহীয়সি নাৰী গান্ধাৰীৰ ভাও দিবলৈ _
অনুভবে কৈছিল __তাই যেন এতিয়া অকলশৰীয়া নহয়, তাইৰো আছে নিজৰ বুলি ভাবিব পৰা কোনোবা এজন।
স্বামী আৰু তেওঁৰ পৰিয়ালৰ লগত একেখন ঘৰত থাকিও পিতাকৰ বিয়োগৰ পিছত আপোন বুলি ভাবিব পৰাকৈ সঁচাকৈয়ে কোনো নাছিল তাইৰ , যাৰ আগত তাই খুলি দিব পাৰে দ্বিধাহীন ভাবে নীলাখামৰ চিঠি।
#লেখিকা _বিনিশা দেৱী Binisha Devi
#প্ৰকাশক _মৃণাল কুমাৰ মিশ্ৰ।
#মূল্য _৩৩০/ টকা।
#দূৰভাষ _৯১_৮৬৩৮৯_৬০১১৬ ৯৪৩৫০_০০২৬৬
@@@মধুলেখা শৰ্মা l ডিগবৈ l
